স্বৰ্ণমন্দিৰৰ আৰ্হিত সজাই তোলা হ’ব বটদ্ৰৱা থান

Screenshot 114

জন্মৰ পৰা যৌৱনলৈ এক সুদীর্ঘ সময় কৰ্ম ভূমি হিচাপে পৰিগণিত হৈ অহা গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানক সজাই তোলা হ’ব স্বৰ্ণমন্দিৰৰ আৰ্হিত। ইতিমধ্যে ইয়াৰ সকলো আৰ্হি প্ৰস্তুত কৰি তোলো হৈছে । উল্লেখ্য যে, অসম চৰকাৰে শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ আগবঢ়োৱা ১৫৫ কোটি টকা ব্যয়ৰে বটদ্ৰৱাৰ বেদখল মুক্ত ভূমিত নিৰ্মাণ কৰা হ’ব এক বৃহৎ সাংস্কৃতিক প্ৰকল্প। এই প্ৰকল্প আধাৰশিলা আগন্তুক ১৫ ডিচেম্বৰৰ ভিতৰত কৰা হ’ব। এই কথা আজি প্ৰকল্প স্থলীৰ স্থাপন পৰিদৰ্শন কৰি সদৰী কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।

এই সাংস্কৃতিক প্ৰকল্প আধাৰশিলা অনুষ্ঠানক লৈ ইতিমধ্যেই বটদ্ৰৱাৰ বেদখল মুক্ত ভূমিত নিৰ্মাণ কৰা হৈছে এক সুবৃহৎ মণ্ডপ। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫০ হেজাৰ ভক্তৰ সমাগম ঘটাৰ আশা প্ৰকাশ কৰি কয়, ‘বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই অসমৰ সত্ৰসমূহৰ বেদখলকৃত ভূমি বেদখল মুক্ত কৰিলে।

বটদ্ৰৱা থানৰো ১৮০ বিঘা মাটি বেদখল মুক্ত কৰিলে আৰু সেই ভূমিত এই গুৰুজনাৰ স্মৃতি সংৰক্ষণৰ বাবে গ্রহণ কৰিছে এক বৃহৎ প্ৰকল্প। যাকলৈ এতিয়া উৎফুল্লিত বটদ্ৰৱাবাসী। যেন এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে বটদ্ৰৱাত। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব বটদ্ৰৱা থানৰ এই আধাৰশিলা স্থাপন অনুষ্ঠান।’

Exit mobile version