চিৰাঙত ইউপিপিএল মহিলা শাখাৰ সংবাদ মেল

WhatsApp Image 2020 12 11 at 7.07.40 PM

বিটিচি পৰিষদীয় নিৰ্বাচনৰ আগ নিশা আৰু নিৰ্বাচনৰ দিনাখন ইউপিপিএল দলৰ ওপৰত হোৱা আক্ৰমনৰ গৰিহণা দিয়াৰ লগতে প্ৰশাসনৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ইউপিপিএল মহিলা শাখাই ।

সংবাদ মেলত ইউপিপিএলৰ মহিলা শাখাৰ সভানেত্ৰী বিণা গয়াৰীয়ে কয় যে, মহিলাসকলে সদায় শান্তি বিচাৰে আৰু তাৰ মাজতে নিৰ্বাচনৰ দিনা বিপিএফৰ পুৰুষ-মহিলাই ইউপিপিএলৰ মহিলা সভানেত্ৰীৰ ওপৰত চিৰাঙৰ খুংগ্ৰীঙত হোৱা আক্ৰমনৰ তিব্ৰ গৰিহণা জনায়।

লগতে কয়, ‘এজাহাৰ দিয়া হৈছে প্ৰশাসনে যাতে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে ।’ সংবাদ মেলত মহিলা শাখাৰ উপ সভানেত্ৰী মাৰিয়াম টপ্পোই কয় যে, ইউপিপিএল দলৰ ওপৰত বিপিএফৰ সমৰ্থকে কৰা আক্ৰমন অতিকে নিন্দনীয়। গতিকে ইউপিপিএল দলৰ চৰকাৰ হ’লে বিটিচিত শান্তি স্থাপনৰ বাবে কাম কৰা হ’ব । সকলো পক্ষকে শান্তিৰ বাবে সংজমেৰে চলাৰ বাবেও আহ্বান জনায়।

Exit mobile version