উত্তৰৰ পাছত দক্ষিণ গোলাৰ্ধৰ আকাশত সৌন্দৰ্য্য বিয়পাবলৈ আহি আছে জেমিনিদ

perseid meteor shower 2019 mhsw.h720

নিশাৰ মায়াময় বিশাল আকাশৰ সৌন্দৰ্য্যৰ পৰিধি নাই । সেই সৌন্দৰ্য্যৰতে ৰহণ চৰাবলৈ আজি মাজনিশাৰ পৰা ভাৰতসহ দক্ষিণ গোলাৰ্ধৰ অধিকাংশ দেশত বৰষুণ পৰিব উল্কাৰ । নিশাৰ আকাশত উল্কা দেখাটো বহুতৰ বাবে এক সাধাৰণ কথা; কিন্তু আজি মাজনিশাৰ পৰা ৩২০০ ফায়েথন নামৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ এক মহাজাগতিক উৎসৰ পৰা বিপুল উল্কা বৃষ্টি হ’ব সেয়া বিজ্ঞানী সমাজৰ বাবেই অত্যন্ত উৎসুকতাৰ বিষয় হয় পৰিছে ।

কাৰণ আজি মাজনিশাৰ পৰা সোমবাৰৰ পুৱালৈ উক্ত উৎসৰ পৰা ঘণ্টাত ৬০ পৰা ৮০ টুকুৰা উল্কাখণ্ড আকাশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ ছিটিকি পৰিব । ইয়াকে লৈ মহাকাশ বিজ্ঞানী সমাজৰ মাজত ব্যস্ততাৰ অন্ত নোহোৱা হৈছে । বিভিন্নজনে এই ক্ষেত্ৰত মতামত আগবঢ়াইছে ।

উল্কাখণ্ডবোৰ আকাশৰ যি অংশৰ পৰা উফৰি আহিব তাৰ সমীপতে আছে জেমিনি নক্ষত্ৰপুঞ্জ, সেই বাবে এই উল্কা বৃষ্টিক জেমিনিদ নাম দিয়া হৈছে । ৩২০০ ফায়েথান কোনো গ্ৰহাণু নহয় বুলি একাংশ জ্যোতিৰ্বিজ্ঞানীয়ে দাবী কৰিছে । সেয়া প্ৰকৃততে এটি বিলুপ্ত হোৱা ধূমকেতুৰ অংশ বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে ।

তেওঁলোকে কয় যে ধূমকেতুৰ অংশটোত সম্প্ৰতি বৰফৰ কোনো অস্তিত্ব নাই । ফলত তাত প্ৰচণ্ড ধূলিৰ সৃষ্টি হৈছে । সেই ধূলিয়েই মহাকাশত ছিটিকি পৰিছে । অৱশ্যে একাংশ বিজ্ঞানীয়ে মত প্ৰকাশ কৰিছে যে সূৰ্যক প্ৰদক্ষিণ কৰোতে কোনো ধূমকেতু সম্পূৰ্ণ শুকান হৈ পৰিছে । ফলত ধূমকেতুৰ বৰ্তমান যি অৱশিষ্ট আছে তাৰ পৰাই অব্যাহত আছে উল্কাবৃষ্টি সদৃশ পৰিৱেশ‌।

সেইয়াই ৩২০০ ফাইথেন বুলিও বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে । অতি উজ্জ্বল এই উল্কাবৃষ্টি উত্তৰ গোলাৰ্ধত যোৱা চাৰি ডিচেম্বৰৰ পৰাই পৰিলক্ষিত হৈছে । উত্তৰ গোলাৰ্ধৰ অগণন লোকে মাজনিশাৰ আকাশত ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰি থকাৰ মাজতে অহা ১৩ আৰু ১৪ ডিচেম্বৰৰ পৰা মাজ নিশাৰ পৰা দক্ষিণ গোলাৰ্ধতো দৃশ্যমান হ’ব এই উল্কাবৃষ্টি ।

নিশা যিমানে আগবাঢ়িব অধিক স্পষ্ট হ’ব উল্কাৰ এই বৰষুণ । পৃথিৱীত যিমান ধৰণৰ উল্কাবৃষ্টি পৰিলক্ষিত হয় তাৰ ভিতৰত সকলোতকৈ উজ্জ্বল এই উল্কাবৃষ্টি ।

Exit mobile version