কংগ্ৰেছৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ বিজেপিত যোগদান

Screenshot 130

বিটিচিৰ তিনি নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰা জয়ী হৈ কংগ্ৰেছৰ প্ৰাৰ্থী সজল কুমাৰ সিংহই আজি গুৱাহাটী লিলি হোটেলত বিজেপিত যোগদান কৰাক লৈ কংগ্ৰেছ কৰ্মী সমৰ্থকৰ উত্তাল প্ৰতিবাদ।

ADVERTISEMENT

সজল সিংহৰ বেনাৰ প’ষ্টাৰ তথা পুত্তলিকা দাহ কৰি সজল সিংহক বেইমান আখ্যা দি শ্ৰীৰামপুৰস্থিত কংগ্ৰেছ কাৰ্যালয়ত তীব্ৰ ক্ষোভ যুৱ কংগ্ৰেছৰ।

শ্বেখাৱত হোসেইন ভূঞাই আৱেগিকভাৱে সজল সিংহৰ উক্ত দলবদল কাণ্ডৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

সমষ্টিৰ ভোটাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰি গোসাইগাঁও বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছ সভাপতি শ্বেখাৱত হোছেইনে আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইজক সাজু হৈ থাকিবলৈ আহ্বান জনায়।

Exit mobile version