কেন্দ্ৰ অটুট নিজ সিদ্ধান্তত

farmer union leaders to go on hunger strike today

বিগত ১৮ দিন ধৰি দিল্লী সীমান্ত অৱৰোধ কৰি আছে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে ।

কৃষি আইন প্ৰত্যাহাৰ নকৰাক লৈ কেন্দ্ৰ অটুট থকাৰ সময়তে আজি পুৱা আঠ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ অনশনত বহিব সকলোবোৰ কৃষক সংগঠন ।

সমস্যা সমাধানৰ বাবে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত আলোচনাত মিলিত হয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰাজ্যিক উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চ’ম প্ৰকাশ ।

বৈঠকৰ অন্তত কৃষিমন্ত্ৰী টোমৰে কৃষকসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালেও অনশন অব্যাহত ৰাখিব বুলি জনাই কৃষক নেতাসকলে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনায় যে, আগন্তুক দিনত কৃষকসকলৰ সমৰ্থনত তেওঁ অনশন কৰিব ।

Exit mobile version