কৰ’নাক লৈ ভয় আঁতৰা নাই চীনৰ

ভয়াৱহতা কিছু হ্রাস পালেও এতিয়াও কৰ’নাৰ পৰা সম্পূর্ণভাৱে মুক্ত হ’ব পৰা নাই ৰঙা চীন। এনে কাৰণতে এইবাৰ বিমানসেৱাৰে জড়িতসকলৰ ওপৰত কঠোৰ বাধা নিষেধ আৰােপ কৰিছে বেইজিং প্রশাসনে। দেশখনৰ বিমানৰ কেবিনকৰ্মীসকলে এই নিষেধ অনুসৰি এতিয়াৰে পৰা মাত্ৰ এবাৰ ব্যৱহাৰযুক্ত ‘ডাইপাৰ পৰিধান কৰাটো বাধ্যতামূলক হ’ব।

চীনৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্রক সংস্থাৰ দ্বাৰা এই বাধা-নিষেধৰ নির্দেশ দিয়া হৈছে। কৰ’না সংক্রমণ। এৰাই চলিব পৰাকৈ বিমানৰ শৌচালয় ব্যৱহাৰত বাধা-দিয়াৰ উদ্দেশ্যেই এনে নির্দেশ দিয়া হৈছে। কৰনাৰ পৰা হাত সাৰিবলৈ বিমান সেৱাৰে জড়িতসকলৰ বাবে মুঠতে ৩৮ পৃষ্ঠাযুক্ত এই নির্দেশ জাৰি কৰা হৈছে।

এই নিদের্শত পি পি ই কিটসহ ব্যক্তিগত নিৰাপত্তাৰ বাবে প্রয়ােজনীয় সতর্কতাৰ লগতে ডাইপাৰ পৰিধান কৰিবলৈ কোৱা হৈছে। অতিকে প্রয়ােজন নহ’লে বিমানকর্মীসকলক শৌচালয়লৈ যােৱাত বাধা দিব বিচৰা হৈছে। নতুন নির্দেশত বিমানৰ বিভিন্ন সেৱাৰে জড়িত কৰ্মীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত দৃষ্টি ৰাখিবলৈকো কর্তৃপক্ষক কোৱা হৈছে।

উল্লেখ্য যে ক’ভিড় বিৰােধী যুঁজখনৰ একেবাৰে সন্মুখতে আছে বিমান সেৱাৰে জড়িতসকল। এই কর্মীসকলৰ মানসিক অৱস্থাৰ লগতে ঘৰুৱা সমস্যাৰ বিষয়টো জানিবলৈ চেষ্টা কৰা হ’ব। কৰনাৰ পৰা হাত সাৰিবলৈ বিমানৰ কেবিন, বাফাৰ জন, যাত্রীৰ আসন, কোৱাৰেন্টাইনৰ স্থানক পৃথকভাৱে চোৱা-চিতাৰ নির্দেশ দিয়া হৈছে।

এবাৰ ব্যৱহাৰযুক্ত পদাৰে এই চাৰি স্থানক পৃথক কৰাৰ লগতে শেষৰ তিনি শাৰী আসন জৰুৰী কোৱাৰেণ্টাইনৰ বাবে চিহ্নিত কৰি ৰাখিবলৈকো নির্দেশত কোৱা হৈছে। ডাইপাৰৰ বাহিৰেও কর্মীসকলে মাস্ক, হাত মােজা, চকু ঢাকি ৰখা চশমা, এবাৰ ব্যৱহাৰযুক্ত টুপী পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। ভৰিৰ জোকো আবৰি ৰাখিবলৈ কোৱা হৈছে নতুন নির্দেৰ্শত।

অৱশ্যে এই সকলােবিলাক বাধা নিষেধ একমাত্র ভাৰা কৰা বিমানৰ ক্ষেত্ৰতহে।প্রযােজ্য হ’ব। বিমানৰ কেবিনকে ধৰি বিভিন্ন সেৱাৰ কৰ্মীসকলক ডাইপাৰ পৰিধান কৰাৰ নির্দেশ দিলেও একে কর্মীসকলক তদাৰক কৰা সকলক কিন্তু একমাত্র মাস্ক আৰু চশমা পিন্ধাহে বাধ্যতামূলক কৰা হৈছে।

কৰ’নাৰ প্রকোপ হ্রাস পােৱাৰ প্রতি লক্ষ্য ৰাখি চীনত বিমান সেৱা প্রায় স্বাভাৱিক অৱস্থালৈ আহিছে। দেশখনত আন্তঃদেশীয় বিমান সেৱা স্বাভাৱিক হৈছে যদিও আন্তর্জাতিক বিমান সেৱা প্রায় বন্ধ অৱস্থাতে আছে। যাত্রীৰ নিৰাপত্তাৰ কথা ভাবিয়ে এনে সতর্কতা অৱলম্বন কৰাৰ কথা জনাইছে চীনে।

Exit mobile version