জনীয়া সমষ্টিৰ অন্তৰ্গত ছাপৰা গাঁৱৰ চাউলউখোৱা নদীৰ মথাউৰিত এটি শ্লুইচ গেট নিৰ্মাণৰ প্ৰস্তুতি বিভাগীয়ভাৱে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । স্থানীয় বিধায়কৰ উপস্থিতিত গাওঁখনৰ সৰ্বস্তৰৰ ৰাইজৰ সৰ্ব সন্মতি মৰ্মে ছাপৰা গাঁৱৰ মজিবৰ ৰহমান আৰু মেজালউদ্দিনৰ ঘৰৰ মাজৰ ঠাইখিনিত শ্লুইচ গেট নিৰ্মাণ কৰা হ’ব বুলি নিৰ্ধাৰণ কৰা হৈছিল ।
শ্লুইচ গেট নিৰ্মাণৰ ঠাই নিৰূপণ হোৱাৰ পাছতেই বৰপেটা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগত গাগলমাৰী গাঁৱৰ লোকমান আলীৰ লগত এখন বৈঠক হয় । এই বৈঠকৰ পাছতেই অভিযন্তাজনে পাঁচ শতাধিক ৰাইজৰ সৰ্ব সন্মতি মৰ্মে নিজেই নিৰ্ধাৰণ কৰা ঠাইত শ্লুইচ গেট নিৰ্মাণত কিছু কাৰিকৰি অসুবিধা দেখা দিয়া বুলি ৰাইজৰ আগত মন্তব্য আগবঢ়ায় ।
ইপিনে শুকুৰবাৰে জুম্মাৰ নামাজৰ সময়ত পুৰুষসকল মছজিদত থকাৰ সুযোগ লৈ ৰাইজক এন্ধাৰত ৰাখি গাগলমাৰী গাঁৱৰ লোকমান আলীৰ আমন্ত্ৰণত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়া ৰাজিব গগৈয়ে ক্ষেত্ৰ পৰ্য্যৱেক্ষণ কৰে বুলি ৰাইজে সাংবাদিকক জনায় । ক্ষেত্ৰ পৰ্য্যৱেক্ষণ কৰি ৰাইজক চক্ৰবিষয়া ৰাজিব গগৈয়ে তেওঁৰ কাৰ্যালয়লৈ মাতি নি সৰ্বস্তৰৰ ৰাইজৰ বিপৰীতে লোকমানে নিৰ্ধাৰণ কৰি দিয়া ঠাইত শ্লুইচ গেট বনোৱাৰ ক্ষেত্ৰত মান্তি হ’বলৈ আহ্বান জনায়।
লোকমানে শ্লুইচ গেট নিৰ্মাণ কৰিবলৈ দেখাই দিয়া ঠাইত শ্লুইচ গেট নিৰ্মাণ কৰিলে লোকমানে বছৰেকত ১০ৰ পৰা ১৫ লাখ টকাৰ মাছ বিক্ৰীৰ সুবিধা পাব। আনহাতে শ্লুইচ গেটেৰে পাৰ হোৱা পানীৰ তীব্ৰ সুঁতে ৪০-৫০ ঘৰ মানুহ পানীত ডুবোৱাৰ লগতে উটাই লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি চক্ৰ বিষয়াৰ আগত ৰাইজে যুক্তি আগবঢ়ায়।
এই যুক্তিৰ পাছত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়া ৰাজিব গগৈয়ে গাগলমাৰী গাঁৱত বান সাহাৰ্য্য বন্ধ কৰাৰ লগতে পুলিচ প্ৰশাসন লগাই কাম কৰাৰ ভাবুকি প্ৰদান কৰাত ৰাইজে চক্ৰ বিষয়াক গৰিহণা দিয়াৰ লগতে চক্ৰ বিষয়াৰ মন্তব্যত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ৰাইজে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজিব গগৈৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, ৰাইজৰ সিদ্ধান্তৰ বিপৰীতে মাছ মৰাৰ স্বাৰ্থত একমাত্ৰ ব্যক্তি লোকমানে নিৰ্ধাৰণ কৰি দিয়া ঠাইত শ্লুইচ গেট নিৰ্মাণ কৰিবলৈ নিদিলে বানপানীৰ সময়ত চক্ৰ বিষয়া গগৈয়ে ৰাইজক বান সাহাৰ্য্য বন্ধ কৰি দিব বুলি কয় ।
বাৰিষাত জীৱনকলৈ ককবকাই থকাৰ সময়ত ৰাইজৰ ধনেৰে ৰাইজক চৰকাৰে সাহাৰ্য্য প্ৰদান কৰে তেনেক্ষেত্ৰত ৰাজহুৱা স্বাৰ্থ বিসৰ্জন দি লোকমানৰ দৰে এজন স্বাৰ্থপৰ গঞাঁৰ কথাত ৰাইজে মান্তি নোহোৱাৰ বাবেই বাঘবৰ ৰাজহ চক্ৰবিষয়া ৰাজিব গগৈয়ে বান সাহাৰ্য্য বন্ধ কৰি দিয়াৰ ভাবুকি ৰাইজৰ মাজত হাঁস্যকৰ, নিন্দনীয় আৰু ধিক্কাৰৰ যোগ্য বুলি বিবেচিত হৈছে।
বিষয় সন্দৰ্ভত ৰাইজে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়াৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে। সৰ্বস্তৰৰ ৰাইজৰ সুবিধাৰ লগত নাথাকি বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়া আৰু বৰপেটা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা লোকমানৰ পক্ষ লোৱাৰ ৰহস্য কি ? বুলি ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ।
উল্লেখ্য যে ৰাইজৰ বিপৰীতে লোকমানৰ কথাত শ্লুইচ গেট নিৰ্মাণৰ কাম আৰম্ভ কৰিলে জীৱন দি হ’লেও শ্লুইচ গেট নিৰ্মাণ বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰিছে ৰাইজে । লোকমান আলীৰ ভূমিত শ্লুইচ গেট নিৰ্মাণ নকৰিবলৈ কে’বা শতাধিক পুৰুষ-মহিলাই বিভিন্ন ধ্বনিৰে ধৰ্ণা দিয়া পৰিলক্ষিত হয়