বিটিআৰ পৰিষদত স্থান লাভ প্ৰদীপ কুমাৰ বায়নৰ

WhatsApp Image 2020 12 16 at 8.00.00 PM

চিৰাঙৰ বিজনীত আনন্দৰ লহৰ । সদ্য গঠিত বিটিআৰ পৰিষদত অসম চৰকাৰ তথা ৰাজ্যপালে মনোনিত কৰা ছজনৰ ভিতৰত স্থান পালে বিজনীৰ এল এন বি ৰোডৰ বাসিন্দা কেওত জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে প্ৰদীপ কুমাৰ বায়নে।

 

বিজনীত ফটকা ফুটাই আনন্দ উল্লাসত মতলীয়া বিজনীবাসী। ৬২ বছৰীয়া প্ৰদীপ কুমাৰ বায়ন বৰ্তমান চিৰাং জিলা সত্ৰ মহাসভাৰ সভাপতি, বিজনী সত্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে একাধিক পদৰ সভাপতি ।

তদুপৰি পৰিচালনা সমিতিৰ কাৰ্য্যকৰি সদস্য হোৱাৰ লগতে কে’বাটাও অৰাজনৈতিক সংগঠনৰ স’তে জড়িত এই জন সমাজ কৰ্মি ।

Exit mobile version