সুৰামুক্ত বিহাৰ-তেলেংগানাই পাছ পেলালে নিষেধাজ্ঞামুক্ত গােৱা-মহাৰাষ্ট্রক

771145

চাৰি বছৰ পূর্বে সুৰাপান নিষিদ্ধ কৰা হৈছিল বিহাৰত। মুখ্যমন্ত্রী নীতিশ কুমাৰে ৰাজ্যখনত সুৰাপানৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰিছিল; কিন্তু সুৰাপান বন্ধ হােৱাৰ পৰিৱর্তে অধিক ৰমৰমীয়া হােৱাৰ তথ্যহে সম্প্রতি পােহৰলৈ আহিছে। বৰঞ্চ সুৰাপানৰ ক্ষেত্ৰত কোনাে ধৰণৰ নিষেধাজ্ঞা নথকা মহাৰাষ্ট্ৰতকৈয়াে বিহাৰত সম্প্রতি অধিক হাৰত সুৰাপান কৰিবলৈ লােৱা হৈছে।

তথ্য অনুসৰি,মহাৰাষ্ট্ৰতকৈ বিহাৰত অধিক সুৰা বিক্ৰী হৈছে। নেছনেল ফেমিলি হেল্থ ছার্ভে (এন এফ এইছ এছৰ দ্বাৰা প্ৰকাশ কৰা তথ্যত বিহাৰৰ এই নতুন ছবিখন পােহৰলৈ আহে। ২০১৬ত ৰাজ্যখনত সুৰা নিষিদ্ধ কৰা হৈছিল যদিও এতিয়া পুৰুষসকলৰ সমান্তৰালভাৱে মহিলাসকলেও সুৰাপান কৰিবলৈ আৰম্ভ কৰিছে।

সমীক্ষা অনুসৰি ৰাজ্যখনৰ ১৫ বছৰৰ অধিক বয়সৰ ১৫.৫ শতাংশ পুৰুষ সুৰাপানত অভ্যস্ত। নগৰ-চহৰতকৈ গাঁৱত এই সংখ্যা অধিক। গাঁৱৰ ১৫.৮ শতাংশ পুৰুষ সুৰাপানত অভ্যস্ত নগৰ-চহৰৰ ক্ষেত্ৰত এই সংখ্যা হৈছে ১৪ শতাংশ। আনহাতে, মহাৰাষ্ট্ৰত ১৩.৯ শতাংশ পুৰুষে সুৰাপান কৰে।

ৰাজ্যখনত গাঁৱৰ ১৪.৭ পুৰুষে সুৰাপান কৰাৰ বিপৰীতে নগৰ চহৰৰ ১৩ শতাংশ পুৰুয়েহে সুৰাপান কৰে। মহিলাৰ ক্ষেত্ৰত মহাৰাষ্ট্রৰ ০.৩ শতাংশই সুৰাপান কৰাৰ বিপৰীতে বিহাৰত ০.৫ শতাংশই সুৰাপান কৰে। বিহাৰত অৱশ্যে গাঁৱৰ মহিলাসকলৰ ক্ষেত্ৰত সুৰাপানৰ হাৰ যথেষ্ট কম।

সমীক্ষাৰ তথ্য অনুসৰি, সমগ্র দেশতে নগৰ-চহৰতকৈ গ্রামাঞ্চলত সুৰাপানৰ হাৰ অধিক। সমীক্ষাটোত গােৱা আৰু তেলেংগানাৰাে বিভিন্ন তথ্য প্রকাশ কৰা হৈছে। সমগ্র দেশৰ ভিতৰতে সুৰাপানৰ ক্ষেত্ৰত সবাতােকৈ কম বাধা নিষেধ জাৰি কৰা ৰাজ্য হৈছে গােৱা। ইয়াৰ বিপৰীতে তেলেংগানাত বিহাৰৰ দৰেই কঠোৰ নিষেধাজ্ঞা আছে।

ইয়াৰ পাছতাে কিন্তু তেলেংগানাত গােৱাতকৈ অধিক হাৰত সুৰাপান কৰা হয়। গােৱাত ৩৬.৯ শতাংশ। পুৰুষে সুৰাপান কৰাৰ বিপৰীতে তেলেংগানাত ৪৩,৩ শতাংশ পুৰুষে সুৰাপান কৰে। ফলত সুৰাপানক লৈ জাৰি কৰা সকলাে নিষেধাজ্ঞা কার্যত বুমেৰাং হৈ পৰাহে পৰিলক্ষিত হৈছে।

Exit mobile version