অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

Screenshot 136
ADVERTISEMENT

সমগ্ৰ ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষী সকলৰ একাংশই নিজৰ ভাষ্য সলনি কৰাৰ পৰিপ্ৰেক্ষিতত কিছু নিৰাশ হৈ পৰা ভূক্তভোগীৰ পৰিয়াল দুটিয়ে এতিয়া নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখা পাইছে ন্যায়লয়ৰ বলিষ্ঠ ভূমিকা আৰু আন তিনি গৰাকী  সাক্ষীয়ে আদালতত দিয়া ভাষ্যৰ পৰিপ্ৰেক্ষিতত ।

তৃতীয় পক্ষৰ হেঁচাত ঘটনাৰ একাংশ  সাক্ষীয়ে নিজৰ ভাষ্য বাৰে বাৰে সলনি কৰি থকাৰ পিছত সলনি হৈ পৰিছিল প্ৰকৃত ঘটণাৰ প্ৰেক্ষাপট । কিন্তু আজি নগাঁও আদালতত এই জঘন্য ঘটনাৰ তিনিগৰাকীকৈ সাক্ষীয়ে ঘটনাৰ হুবহু ৰূপ বৰ্ণনা কৰাৰ বাবে এতিয়া ন্যায় লাভ কৰিব বুলি আশাবাদী হৈ পৰিছে অভি-নীলৰ পৰিয়াল ।

স্মৰ্তব্য যে, এই ঘটনাৰ ৭১ গৰাকী সাক্ষীৰ ভিতৰত বৰ্তমানলৈকে ৪২ গৰাকী সাক্ষীৰ সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত হৈছে । যাৰবাবে এতিয়া শীঘ্ৰেই ন্যায় পাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে দুৰ্ভগীয়া পৰিয়াল দুটিয়ে । অভি-নীলৰ দুই পিতৃ গোপাল চন্দ্ৰ দাস আৰু অজিত নাথৰ লগতে অভি-নীল স্মৃতি ৰক্ষা সমিতিয়ে এতিয়া নৃশংস হত্যাকাণ্ডৰ লগত জড়িত প্ৰকৃত দোষী সকলৰ ফাঁচীৰ দাবী উত্থাপন কৰিছে ।

Exit mobile version