পশুপালন বিভাগত ২২১ গৰাকী ক্ষেত্ৰ সহায়কক নিযুক্তি

af8ebd23 72a2 44e1 9622 d8b697fe7764

আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পশুপালন আৰু পশু চিকিৎসা বিভাগত ২২১গৰাকী ক্ষেত্ৰ সহায়কৰ পদৰ নিযুক্তিপত্ৰ বিতৰণ কৰা হয় । নিযুক্তি পত্ৰ বিতৰণ কৰি বিভাগীয় মন্ত্ৰী অতুল বৰাই কয় যে ক্ষেত্ৰ সহায়ক সকলৰ নিযুক্তিয়ে বিভাগৰ বহুদিনীয়া অভাৱ এটা পুৰণ কৰিলে । ক্ষেত্ৰ সহায়ক সকলক সেৱাৰ মনোভাৱেৰে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

ক্ষেত্ৰ সহায়ক সকলৰ দায়িত্ব অপৰিসীম বুলি মন্ত্ৰী বৰাই কয় যে বিভাগটোক গতি দিয়াত ক্ষেত্ৰ সহায়ক সকলে বিশেষ ভুমিকা গ্ৰহণ কৰিব পাৰে । পশুপালক সকলৰ সুখ দুখৰ সময়চোৱাত কাষতে থাকি বিভাগটোক উজ্জীৱিত কৰাৰ লগতে উৎপাদন বৃদ্ধিত গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহন কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় । অনুষ্ঠানত পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ক্ষেত্ৰ সহায়ক সকলক বিভিন্ন সমস্যাৰ মাজতো ত্যাগ আৰু ধৈৰ্য্য সহকাৰে কাম কৰাত গুৰুত্ব দিয়ে ।

ৰাজ্যৰ অৰ্থনৈতিক স্বাৱলম্বীকৰণত ক্ষেত্ৰ সহায়ক সকলে পৰিৱেশ ৰচনা কৰিব লাগিব বুলি শইকীয়াই মন্তৱ্য প্ৰকাশ কৰে । এই অনুষ্ঠানত বিভাগৰ আয়উক্ত সচিব শ্যাম জগন্নাথন , সচিব ৰবিনচন মুছাহাৰী , সঞ্চালক অশোক বৰ্মন ,পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু বিবেকানন্দ শইকীয়া , দুগ্ধ উন্নয়নৰ সঞ্চালক উৎপল শৰ্মা প্ৰমুখ্যে বিভাগীয় বিষয়া সকল উপস্থিত থাকে ।

Exit mobile version