বিথোঙ-ৰেংথেমা সমষ্টিত আঁচনিৰ আধাৰশিলা স্থাপন

964aabb5 5871 46bf 8f19 66e26f8b7afd

পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় ৬ নং বিথোঙ-ৰেংথেমা সমষ্টিত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ডিফুৰ সাংসদ হৰেনছিং বেয়ে যুটিয়াভাৱে কেবাটাও স্থানত চৰকাৰী আঁচনিৰ অধীনত ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা আঁচনিৰ আনুষ্ঠানিক উদ্বোধন কৰে ।

লগতে দুটাকৈ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে কাৰ্বি আংলং জল সম্পদ বিভাগৰ অধীনত তৰাডুবিত এটা নৱ নিৰ্মিত অতিথিশালা, ডংকামোকামত উক্ত বিভাগটোৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ কৰা অতিথিশালা ও কাৰ্য্যালয়, ডংকামোকামৰ ৰংকিমিত এটি ৰাজহুৱা প্ৰেক্ষাগৃহৰ উদ্বোধন কৰে ।

সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি ৰংচপিত নকবাৰে লংৰী হাভে আমাইৰ উদ্যোগত আয়োজন কৰা এখন মুকলি সভাত হাভে, লংৰী আচাৰ আৰু ৰং আচাৰসকলকৰ মাজত কাৰ্বি পৰিষদৰ তৰফৰ পৰা পৰম্পৰাগত বেজ অৰ্থাৎ পৰিচয় চিহ্ন বিতৰণ কৰে কাৰ্বি পৰিষদৰ সজাতি দলৰ লগতে সাংসদ হৰেন ছিং বেয়ে।

উক্ত উল্লেখিত অনুষ্ঠান সমূহত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ডিফুৰ সাংসদ হৰেনছিং বেৰ লগতে কাৰ্যবাহী সদস্য ক্ৰমে মঙ্গলছিং তিমুং, অমৰছিং তিচ্ছ, প্ৰদীপ ৰংপি, উপাধ্যক্ষ ৰিতেশ ইংহি, পাৰিষদ উফিং ডি মাছলাই, প্ৰভাত টাৰ’, মনোনীত সদস্য চন্দ্ৰ ছেত্ৰীকে ধৰি ভালে সংখ্যক স্থানীয় লোক আৰু শাসকীয় দলৰ দলীয় নেতা কৰ্মী উপস্থিত থাকে।

Exit mobile version