কাছাৰ জিলাৰ ধলাই সুকতলাত সংঘটিত এক হৃদয়বিদাৰক ঘটনা

baby baby feet black and white 89695.width 800

মানৱ জাতিক লজ্জানিত কৰা এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ ধলাই সুকতলাত ৷ জানিব পৰা মতে , ৰিপন উদ্দিনৰ স্থানীয় এগৰাকী যুৱতীৰ লগত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ৷ ৰিপন উদ্দিনে বিবাহৰ প্ৰলোভন দি যুবতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৷ ইয়াৰ কিছুদিন পাছতেই গৰ্ভৱতী হৈ নিজ গৃহতেই আছিল যুৱতীগৰাকী ৷ কিন্তু প্ৰেমিক ৰিফন লস্কৰে বিবাহ কৰোৱা নাছিল যুৱতীগৰাকীক ৷

যোৱা বৃহস্পতিবাৰে যেতিয়া যুৱতীগৰাকীৰ প্রসৱ বেদনা উঠে তেতিয়া যুৱতীগৰাকীক নিজ পৰিয়ালৰ লোকে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে ৷ যুৱতীগৰাকীয়ে ঘৰৰ কাষত থকা এখন পথাৰত গৈ শিশুটিক জন্ম দিয়ে ৷ এই খবৰ সমগ্ৰ অঞ্চলটোত বিয়পি পৰাৰ পাছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

স্থানীয় লোক সহ গাঁও ৰক্ষী বাহিনীয়ে নৱজাত শিশু সহ যুৱতীগৰাকীক তেওঁৰ পৰিয়ালৰ কাষত লৈ যায় ৷ কিন্তু প্ৰথমে যুৱতীৰ পৰিয়ালে শিশুসহ যুৱতীক নিজ ঘৰত আশ্ৰয় দিয়াত বাধা আৰোপ কৰে যদিও স্থানীয় লোক সকলৰ হেঁচাত শিশুসহ যুৱতীগৰাকিক ঘৰত আশ্ৰয় দিয়ে যদিও পুনৰ নিশা নৱজাত শিশুসহ যুৱতীগৰাকীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে পৰিয়ালৰ লোকে৷

ইয়াৰ পাছতেই যুৱতীগৰাকীয়ে নৱজাতিক শিশুটিক লৈ পথাৰতে নিশাটো কটায় ৷ ফলত জাৰৰ প্ৰকোপত সদ্যজাত শিশুটিৰ মৃত্যু হয় ৷ শুক্ৰবাৰে ৰাতিপুৱা কুমাৰী মাতৃসহ মৃত সদ্যজাত শিশুটিক পথাৰত দেখি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষী আৰু স্বাস্থ্য বিভাগক ৷ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ যুৱতীসহ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি লৈ যায় ৷ এই ঘটনা লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাছাৰ জিলাত ৷

Exit mobile version