অসম জাতীয় পৰিষদৰ সভাপতি পদ গ্ৰহণ কৰাৰ পাছত গায়ন-বায়ন, বিহুৰ বিশাল সমদলেৰে নিজ গৃহলৈ আদৰণি লুৰীণজ্যোতি গগৈক ৷
নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে লাইপুলিৰ নামঘৰত ভকতক সেৱা কৰি নিজ গৃহত মাতৃ-পিতৃক চৰণ চুই আশীৰ্বাদ লয় গগৈয়ে ৷
২০২১ ত এখন শক্তিশালী আঞ্চলিক চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে গগৈয়ে ৷
লগতে ৰাষ্ট্ৰীয় ৰাজনীতি, ধাৰ্মিক আঞ্চলিক ৰাজনীতি, কাৰোবাৰ বোকোচাত উঠি কৰা ৰাজনীতি দলৰ বাহিৰে নীতি-আদৰ্শ মিল থকাৰ দলৰ স’তে একত্ৰিত হৈ চৰকাৰ গঠন কৰাৰ মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷