পুনৰ মুকলি হ’ব নেকি পাবজি : কি ক’লে কেন্দ্রীয় চৰকাৰে

933055 pubg 2

পাজিপ্রেমীসকলৰ বাবে দুঃখবৰ। শেহতীয়াভাৱে সংবাদ মাধ্যমত ভাৰতত নিষিদ্ধ হােৱা পাবজি পুনৰ মুকলি হ’ব বুলি এক বাতৰি প্ৰচাৰিত হৈ আহিছে। ভাৰতীয় প্ৰতিষ্ঠানৰ স’তে কৰা বুজাবুজিৰ জৰিয়তে পাজি পুনৰ দেশত উপলব্ধ হ’ব বুলি প্ৰচাৰ চলিছে। কিন্তু বাস্তৱত এই মুহূর্তত ভাৰতত পাবজি পুনৰ উপলব্ধ হােৱাৰ কোনাে সম্ভাৱনা নাই।

ADVERTISEMENT

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য কেন্দ্রীয় চৰকাৰে স্পষ্টভাৱে কয় যে পাজি ম’বাইল পুনৰ দেশত মুকলি কৰাৰ বাবে অনুমতি দিয়া হােৱা নাই৷ যি ১১৮টা চীনা এ ভাৰতত নিষিদ্ধ ঘােষিত কৰা হৈছিল, সেইসমূহৰ বিশেষ এটাক পুনৰ মুকলি কৰাৰ অনুমতি দিয়া নহ’ব বুলি কেন্দ্রীয় চৰকাৰে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ব্যক্ত কৰিছে।

স্মর্তব্য যে বিগত দীপাৱলীৰ কিছুদিন পূর্বে পাজিৰ ফেচবুকৰ অফিচিয়েল পে’জত ভাৰতৰ বাবে পাজি ম’বাইল ইণ্ডিয়াৰ এটা সুকীয়া ৱেবছাইট মুকলি কৰিব বুলি ঘােষণা কৰিছিল। কিন্তু ভাৰতত অনলাইন মাল্টিপ্লেয়ার্ড গেম পাজিৰ সেৱা পুনৰ উপলব্ধ হােৱাৰ সম্ভাৱনা নাই বুলি কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিয়ে।

Exit mobile version