আজি শ্ৰদ্ধাঞ্জলি দিৱস

farmers protest 1 Reuters

কিছুদিন পূৰ্বে কৃষকসকলক মুক্ত পত্ৰ লিখিছিল কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে । পত্ৰখনত কৃষি আইনৰ বিষয়ে সাধাৰণ লোকক বুজাবলৈ চেষ্টা কৰা হৈছিল আৰু আন্দোলনত বিৰোধী দলসমূহৰ ভূমিকাক লৈ কটাক্ষ কৰা হৈছিল । এইবাৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰত্যোত্তৰ পত্ৰ লিখিলে কৃষক সংগঠনবোৰে ।

পত্ৰত তেওঁলোকে লিখে এইটো সম্পূৰ্ণ কৃষকসকলৰ আন্দোলন । ইয়াত ৰাজনীতিৰ কোনো হাত নাই । কোনেও তেওঁলোকক ইন্ধনৰ যোগান ধৰা নাই । ৰাজনৈতিক ইন্ধনৰ যি অভিযোগ উত্থাপন হৈছে সেয়া সম্পূৰ্ণ ভিত্তিহীন ।

কেন্দ্ৰক উদ্দেশ্য কৰি তেওঁলোকে লিখে, ‘আপোনালোকে যদি আমাৰ দাবীবোৰ ভালকৈ পৰ্যালোচনা কৰে, তেতিয়া বুজিব যে এই দলবোৰৰ স’তে কোনো ৰাজনৈতিক দলৰ সম্পৰ্ক নাই ।’

দুদিন পূৰ্বেই কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে আঠখন পৃষ্ঠাৰ এখন মুক্ত পত্ৰ লিখিছিল প্ৰতিবাদী কৃষকসকললৈ । তেওঁ পত্ৰত লিখিছিল যে, কেন্দ্ৰই সকলো‌ সময়তে কৃষকসকলৰ স’তে আলোচনাত মিলিত হ’বলৈ প্ৰস্তুত । কৃষি আইনৰ বিষয়ে পুংখানুপুংখভাৱে বাখ্যা কৰিবলৈও প্ৰস্তুত ।

কৃষি আইনৰ বিষয়ে জনমত বৃদ্ধি কৰিবলৈ সেই পত্ৰ অধিক সংখ্যক লোকলৈ‌ প্ৰেৰণ কৰা হ’ব বুলি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

এই প্ৰসংগত কৃষক সংগঠনবোৰৰ অভিযোগ, চৰকাৰে কৃষকসকলৰ স’তে আলোচনা কৰি সমস্যা সমাধানৰ চেষ্টা কৰা নাই মুক্ত পত্ৰ প্ৰেৰণ কৰি বিভ্ৰান্তিৰহে সৃষ্টি কৰিছে । লগতে তেওঁলোকে এইটোও দাবী উত্থাপন কৰিছে যে, এই আইনৰ ফলত কৃষকসকলে তেওঁলোকৰ ভূমি নেহেৰুৱাই; কিন্তু এই দাবীৰ স’তে চুক্তি ২০২০ৰ কোনো মিল নাই ।

আজি কৃষকসকলে ‘শ্ৰদ্ধাঞ্জলি দিৱস’ পালন কৰিছে । আন্দোলন কৰিবলৈ গৈ বৰ্তমানলৈকে বহু কৃষকে নিজৰ প্ৰাণ হেৰুৱাইছে । তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাই দেশজুৰি আজি এই দিৱস পালন কৰা হ’ব বুলি জনায় কৃষক সংগঠনবোৰে । ইয়াৰ লগতে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰাৰো প্ৰতিশ্ৰুতি দিছে তেওঁলোকে ।

Exit mobile version