চিৰাঙৰ জে এচ বি অসামৰিক চিকিৎসালয়ত প্ৰমোদ বড়োৰ ছাডেন ভিজিট

Screenshot 141

চিৰাঙত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ জিলা সদৰৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ছাডেন ভিজিট । চিকিৎসালয়ৰ শিশু বিভাগৰ আইচিইউৰ কোঠাৰ তলা ভাঙি পৰিদৰ্শন প্ৰমোদ বড়োৰ।

দেওবাৰ বাবে চিকিৎসালয়ৰ অধ্যক্ষককে আদি কৰি বহু চিকিৎসক তথা কৰ্মচাৰী অনুপস্থিত আছিল চিকিৎসালয়ত । প্ৰমোদ বড়োৰ নিৰ্দেশ, ‘আগত যি হৈছে হৈছে এতিয়া এইবোৰ নচলিব ভালদৰে কাম কৰিব লাগিব।’

স্বাস্থ্য আৰু শিক্ষা বিভাগত অধিক গুৰুত্ব প্ৰদান প্ৰমোদ বড়োৰ। সকলো বিভাগতে চলিব ছাডেন ভিজিট । কোনো ধৰণৰ খাম খেয়ালি মানি লোৱা নহ’ব বুলি সকিয়নি প্ৰমোদ বড়োৰ।

নৱ নিযুক্ত কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী (বি আৰ ফেৰেঙ্গা)ও এই ছাডেন ভিজিটত আছিল প্ৰমোদ বড়োৰ স’তে ।

Exit mobile version