ধিং পূৰ্বাঞ্চল যোগ নিকেটনৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Screenshot 142

‘যোগাসন হ’ল মানুহৰ এটা চাৰ্ভিচং চেণ্টাৰ। যিয়ে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে’ বুলি মন্তব্য কৰে মুখ্যমন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাম কৃষ্ণ ঘোষে। আজি ধিং পূৰ্বাঞ্চল যোগ নিকেটনৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাম কৃষ্ণ ঘোষে দেশৰ প্ৰধানমন্ত্ৰী নৰন্দ্ৰে মোদীয়ে যোগ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত যোগৰ শিক্ষক নিযুক্তি দিছে বুলি মন্তব্য কৰে । তেওঁ কয়, ‘যোগ প্ৰশিক্ষণ প্ৰতিটো শিক্ষানুষ্ঠানতে হ’ব লাগে। যোগ প্ৰশিক্ষণ প্ৰদান কৰা শিক্ষকসকল ইউ জি চিৰ দ্বাৰা নিযুক্ত হ’ব লাগে ।’

আজি ধিঙত ইয়াৰ পি জি ডিপ্লমা ক’ৰ্চ আৰম্ভ কৰা হয়। য’ত মুখ্যমন্ত্রীৰ আন এজন বিশেষ কৰ্তব্যৰত বিষয়া ৰঞ্জিত মুজমদাৰ উপস্থিত থাকে। উল্লেখ্য যে, ১৯৮৭ ত আজিৰ দিনটোত ধিং পূজাবাৰীত নিজ গৃহৰ চৌহদত প্ৰয়াত শিক্ষাবিদ অৰুণ তালুকদাৰে প্ৰতিষ্ঠা কৰিছিল ধিং পূৰ্বাঞ্চল যোগ নিকেটন। য’ত যোগৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে যোগৰ দ্বাৰা বিভিন্ন ৰোগৰ ৰোগীক চিকিৎসা প্ৰদান কৰি ইতিমধ্যে অসমত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ শিক্ষাৰ্থীসকল বিগত সময়ছোৱাত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত যোগ প্ৰতিযোগিতাত অংশগ্রহণ কৰি ধিঙৰ লগতে সমগ্র ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈ আহিছে। অনুষ্ঠানখনত উপস্থিত থাকে কৃষ্ণকান্ত মুক্ত বিশ্ব বিদ্যালয়ৰ ডীন দিব্যজ্যোতি মহন্ত। আজিৰ এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত শিক্ষাবিদ কুশ মহন্ত, প্ৰতিষ্ঠিত ব্যৱসায়ী গকুল গোস্বামীকে ধৰি ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Exit mobile version