উপৰ্যুপৰি বানক নেওচি ভাগ্য আজুৰি আনিছে নলবাৰীৰ বাপুকণে

WhatsApp Image 2020 12 21 at 5.44.47 PM

কঠোৰ শ্ৰম আৰু অধ্যাবসায়ৰে ভাগ্যক আজুৰি আনিব পাৰি- এই দৃষ্টান্ত দাঙি ধৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মানিত হোৱাৰ লগতে ৰাজ্যৰ কৃষি খণ্ডৰ অনুকৰনীয় হৈ পৰিছে নলবাৰীৰ এজন যুৱক। যুৱকজন মূলাৰকুচি গাঁৱৰ প্ৰয়াত মোহন চন্দ্ৰ বৰ্মন আৰু সৰলা বৰ্মন (৭৮) ৰ কনিষ্ঠ পুত্ৰ বাপুকণ বৰ্মন। বৰ্তমান তেওঁ নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৰ লখোপুৰ গাঁৱৰ স্থায়ী বাসিন্দা। সৰুৰে পৰাই কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী আছিল।

সেইমৰ্মে ১৯৯৮ত নলবাৰী কলেজৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লোৱাৰ পাছৰে পৰা কৃষি কৰ্মত মনোযোগ দি ২০০৬ ত মোমায়েকৰ গাঁও লাখোপুৰত এখন বৃহৎ পিতনি লীজত লৈ কম্পজিত ফাৰ্ম আৰম্ভ কৰে। বাপুকণ বৰ্মনে দৈনিক অগ্ৰদূতক সদৰী কৰি কয় যে, মোমায়েকৰ ঘৰলৈ গ’লে মেটেকা, জংঘলেৰে ভৰা লখোপুৰৰ এই পিতনিখিনি দেখিলেই ইয়াক কৃষি ভূমিলৈ ৰূপান্তৰ কৰাৰ মন গৈছিল তেওঁৰ।

সেইমৰ্মে ২০০৬ ত লখোপুৰ গাঁও উন্নয়ন সমিতিৰ পৰিচালনাত থকা উক্ত পিতনিখন বাপুকণে লীজত বিচাৰে। প্ৰায় ৭৬ বিঘাৰ উক্ত পিতনিখন লীজত লৈয়ে মেটেকা আৰু জংঘল চাফা কৰি বাপুকণে পিতনিখনৰ পাৰ বান্ধি মাছ জীয়াবলৈ লয়। লগতে পাৰসমূহত অন্যান্য স্থানীয় প্ৰজাতিৰ লগতে ভীমকল ৰোৱে। তদুপৰি মাজৰ ওখ ঠাইত বৃদ্ধ মাতৃসহ নিজে থাকিবলৈ লোৱাৰ উপৰি গৰু আৰু গাহৰি পুহিবলৈ লয়।

কিন্তু সেইবছৰে প্ৰবল বানপানী হৈ সকলো উটাই নিয়াত তেওঁ সৰ্বস্বান্ত হৈ পৰে। এই ঘটনাক তেওঁ অভিজ্ঞতাৰ ফল বুলি ধৰি লৈ ২০০৭ ত পুনৰ পাৰবোৰ বান্ধি বাপুকণে দুগুন উদ্যমেৰে শ্ৰম কৰিবলৈ লয়। কিন্তু এইবাৰো বানপানীয়ে তেওঁৰ ভাগ্য ডুবাই পেলায়।

অনুৰূপ কাণ্ডই সংঘটিত হয় ২০০৮ আৰু ২০০৯ বৰ্ষতো। এনেদৰে উপৰ্যুপৰি প্ৰতিবছৰে সংঘটিত বানৰ কবলত যুৱ কৃষক জনৰ মূৰে কপালে হাত দিব লগীয়া অৱস্থা হয় যদিও তেওঁ হাৰ নামানি প্ৰতি বছৰে ঘটি থকা লোকচানৰ পৰা উদ্ধাৰৰ পথৰ সন্ধানৰ বাট বিচাৰি ৰাতি- দিন একাকাৰ কৰি দুগুন কষ্ট কৰিবলৈ লয়। ইয়াৰ মাজতে তেওঁৰ মনলৈ আহে কলাখাৰ প্ৰস্তুত কৰি বিক্ৰী কৰাৰ কথা।

সেইমতে বাপুকণ বৰ্মনে ফাৰ্মখনত ইতিমধ্যে ঠন ধৰি উঠা আৰু বানে উভালি পেলোৱা ভীমকলৰ গছ আৰু মূঢ়াৰ পৰা কলাখাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে প্ৰাথমিক পৰীক্ষা হিচাপত তেওঁ বন্ধু এজনৰ জৰিয়তে স্থানীয় এলেকাত উক্ত কলাখাৰ বিক্ৰী কৰা আৰম্ভ কৰে যদিও একাংশ লোকে এই ঘটনাক সহজভাৱে নলৈ ‘আমাৰ গাঁৱত কলাখাৰ বিক্ৰী কৰিবলৈ আহিছা’ বুলি বন্ধুজনক প্ৰহাৰ কৰে।

বাপুকণে প্ৰকাশ কৰা মতে এই ঘটনাই তেওঁৰ সাফল্যৰ টাৰ্ণিং পইণ্ট হৈ পৰে। এই ঘটনাক চেলেঞ্জ হিচাপে লৈ বাপুকণে ৰাজ্যত এখন কলাখাৰৰ বজাৰ গঢ়ি তোলাৰ সংকল্প লয়। সেই মৰ্মে ২০১৬ ত খানাপাৰাত অনুষ্ঠিত চতুৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলাত কলা খাৰ বিক্ৰীৰ সংশ্লিষ্ট বিভাগক অনুমতি বিচাৰে।

কৃষকজনৰ এনে আবেদন মঞ্জুৰ কৰাত বাপুকণ বৰ্মনৰ কলা খাৰ শীৰ্ষক লেবেল লগাই তেওঁ ৰাজ্যত প্ৰথম বাৰৰ বাবে আনুষ্ঠানিকভাৱে কলা খাৰ বিক্ৰী আৰম্ভ কৰে। লক্ষণীয় যে উক্ত উদ্যান শস্য মেলাত বাপুকণে কলা খাৰ বিক্ৰী কৰি প্ৰায় ডেৰ লাখ টকাৰ লাভৰ মুখ দেখিবলৈ সক্ষম হয়। ইয়াৰ পিছৰ বছৰতো ডিব্ৰুগড়ৰ চউকিডিঙিত অনুষ্ঠিত পঞ্চম কৃষি উদ্যান শস্য মেলাত কলা খাৰ বিক্ৰী কৰি ডেৰ – দুই লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যজুৰি কলাখাৰৰ এখন সুকীয়া বজাৰ লাভ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি বাপুকণ বৰ্মনৰ কলাখাৰে ৰাজ্যৰ প্ৰায় সকলোবোৰ অঞ্চলতে বজাৰ দখল কৰা বুলি কৃষক জনে দাবী প্ৰকাশ কৰিছে। আনহাতে কেৱল মাত্ৰ কলাখাৰ বিক্ৰী কৰিয়েই তেওঁ বছৰি ডেৰ-দুই লাখ টকা উপাৰ্জন কৰা বুলি দৈনিক অগ্ৰদূতক প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে ভাগ্য আজুৰি অনাৰ একপ্ৰকাৰ চেলেঞ্জ লৈ তেওঁ ২০১৪ ত পাইকাৰকুছিত আৰ এছ ই টি আই, কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰী, তেজপুৰ নামেৰি ইক পার্ক, কলকাতা, গুৱাহাটীৰ মীন বিভাগ, আৰু উৰিষ্যাত পৃথকে পৃথকে ধান আৰু শস্য, হাঁহ- কুকুৰা পালন, মাছৰ পোনা উৎপাদন আৰু মীন পালন, গৰু- গাহৰি পালন আদিৰ প্ৰশিক্ষণ লয়। কৃষকজনে প্ৰকাশ কৰা অনুসৰি ২০১৬ ৰ পৰা তেওঁ পিছলৈ চাব লগা হোৱা নাই।

এতিয়া দৈনিক পাঁচজন কৰ্মচাৰীসহ নিজৰ কৃষি পামখনত স্থানীয় প্ৰজাতিৰ প্ৰায় তিনি হাজাৰ জোপা কল, ১৭ বিঘা উন্নত প্ৰজাতিৰ ধান, ৰঙা লাও, ডেৰ শতাধিক স্থানীয় কুকুৰা, দুই শতাধিক হাঁহ আৰু গৰু – গাহৰিৰে বাপুকণে লক্ষণীয় কৰি তুলিছে তেওঁৰ কৃষি পাম। আনহাতে প্ৰায় ৫০ বিঘা মাটি সামৰি তিনিটাকৈ পুখুৰীত মাছ পুহিছে। উল্লেখ্য যে কৃষকজনে মাছ, গৰু, গাহৰি, হাঁহ আদিৰ খাদ্য জৈৱিকভাৱে নিজে প্ৰস্তুত কৰি লয়।

প্ৰাথমিক অৱস্থাত কেৱল লোকচান ভৰি সৰ্বস্বন্ত হব লগা হয় যদিও বাপুকণ বৰ্মন নামৰ এইজন কৃষকে এতিয়া কি বিভাগ, কি কৃষক- সকলোৰে অনুকৰনীয় হৈ উঠিছে। কৃষকজনে নিজৰ চেষ্টাৰে সাফল্য কঢ়িয়াই ২০১৯ ত দেশৰ দুশজন কৃষকৰ ভিতৰত দিল্লীত নাচ ইনষ্টিটিউটত প্ৰদৰ্শনৰ স্থান লাভ কৰিবলৈ সক্ষম হয়।

তদুপৰি ২০১৬ ত নলবাৰীত শ্ৰেষ্ঠ মীন পালকৰ বঁটা, ২০১৭ ত ত্ৰিপুৰাত উত্তৰ পূব শ্ৰেষ্ঠ মীন পালকৰ বঁটা, ২০১৯ ত মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সমূহীয়া সেৱা বঁটা, আউতষ্টেণ্ডিং কন্ত্ৰীবুচন ইন ফিচাৰি বঁটা আৰু মীন ব্ৰেণ্ড এম্বেচান্দৰ হবলৈ সক্ষম হয়।

আনহাতে স্থানীয় ৪০-৫০ জন যুৱকে এইবাৰ তেওঁৰ নেতৃত্বত সৰিয়হ খেতিত ব্যস্ত হৈ পৰা বুলি প্ৰকাশ কৰিছে। এইজন যুৱ কৃষক বাপুকণ বৰ্মনে কয় – ধৈৰ্য, চেষ্টা আৰু শ্ৰম অবিহনে ভাগ্য সদয় হৈ নুঠে, ভাগ্যক আজুৰি আনিব লাগিব।’

Exit mobile version