মডাৰ্নাৰ সাফল্যৰ নেপথ্যত কোন?

640x 1

মডাৰ্নাৰ কৰ’না ভেকচিন সাফল্যতাৰে  প্ৰস্তুত কৰণৰ নেপথ্যত থকা ৩৫ বছৰীয়া এগজিকিউটিভৰ নাম উত্থাপন হৈছে । ভেকচিন দ্ৰুত প্ৰস্তুতকৰণ আৰু বজাৰত শীঘ্ৰে উপলব্ধ কৰিবলৈ এগজিকিউটিভ হেমিলটন বেনেট আৰু তেওঁৰ টিমে যথেষ্ট কষ্ট কৰিছিল ।

আমেৰিকাত হেমেলটনৰ তৎপৰতাৰ বাবে ফাইজাৰ বায়’এনটেকৰ কৰ’না ভেকচিনৰ পাছত মডাৰ্নাৰ ভেকচিনেও অনুমোদন পত্ৰ লাভ কৰে ।

মাছাচুছেটছৰ কেমব্ৰিজৰ এখন সৰু‌ সংস্থা মডৰ্না । ক’ভিড অতিমাৰিৰ আৰম্ভণিৰ পৰাই সংস্থাটোৱে ভেকচিন প্ৰস্তুতকৰণৰ গৱেষণা আৰম্ভ কৰি দিয়ে । সংস্থাৰ পৰা লাভ কৰা সূত্ৰ অনুসৰি, হেমিলটনৰ তৎপৰতাৰ বাবেই দ্ৰুত গতিত ভেকচিন বিতৰণ কাৰ্য সম্ভৱ‌‌ হৈছে । এই সকলোবোৰ দিশ পৰ্যৱেক্ষণ কৰিয়ে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন সংস্থাই অনুমোদন পত্ৰ প্ৰদান কৰে ।

প্ৰায় ১০ বছৰৰো অধিক হেমিলটনে এই‌ উদ্যোগত গৱেষণা কৰিছে । ৱাছিংটন বিশ্ববিদ্যালয়ৰ পৰা এনভাইৰ’মেণ্টেল হেল্থ আৰু মাইক্ৰ’বায়’লজিত স্নাতক ডিগ্ৰী লাভ কৰে । লণ্ডনৰ হাইস্কুল‌ অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ পৰা এপিডেমিঅ’লজিত পুনৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ৱাছিংটন বিশ্ববিদ্যালয়ত এম এছ । বিগত চাৰি বছৰ ধৰি তেওঁ মডাৰ্নাৰ ভেকচিন বিভাগৰ দায়িত্বত আছে ।

২০২০ বৰ্ষৰ জানুৱাৰীৰ পৰা মডাৰ্নাত ক’ভিড ভেকচিনৰ গৱেষণা আৰম্ভ কৰে । হেমিলটনে কয়, ‘এই ভেকচিনে আমাৰ দেহক অতিমাৰিৰ স’তে অভিনৱ যুঁজ দিয়াত সহায় কৰিব । আমি নোৱাৰিলে সম্ভৱতঃ কোনোৱে নোৱাৰিব । জানুৱাৰীত কৰ’নাৰ প্ৰথম পূৰ্ণাঙ্গ ‘জিনম’ পোৱাৰ পাছতেই আমি গৱেষণা আৰম্ভ কৰি দিছিলো ।’

লগতে কয়, ‘প্ৰতিদিনেই আমি ভেকচিন প্ৰস্তুতিৰ গতি দ্ৰুত কৰি আহিছিলো । পুৱা সাত বজাৰ পৰা নিশা ১০ বজালৈকে একেৰাহে কাম কৰিছিলো । পিছদিনাখন পুনৰ সাত বজাত কাৰ্যালয়লৈ আহো । প্ৰতিদিনেই চেষ্টা কৰো নিজৰ ‘ডেডলাইন’ থিক ৰাখিবলৈ ।’

Exit mobile version