চেঙাত মধ্যাহ্ন ভােজনৰ নামত কণ কণ ছাত্র-ছাত্রীক বিতৰণ পঁচা আলু- পঁচা পিয়াঁজ

chenga maidul1

আজি বৰপেটা জিলাৰ চেঙা প্রাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৯২৫ নম্বৰ মালিপাৰা প্রাথমিক বিদ্যালয়ত এক উত্তেজনা সৃষ্টি হয় বিদ্যালয়খনৰ কণ কণ ছাত্র-ছাত্ৰীক মধ্যাহ্ন ভােজনৰ নামত অহা চাউল বিতৰণ কৰোঁতে চাউলৰ লগত দিয়া পঁচা আলু ,পঁচা পিয়াঁজ দেখি অভিভাৱকসকল ক্ষুন্ন হৈ পৰে। পৰিস্থিতি ভয়ংকৰ হোৱাত পলায়ন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বাচেৰ আলি।

বিষয়টোক লৈ প্রধান শিক্ষয়িত্রী চন্দ্রমা ডেকাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অভিভাৱক আৰু সচেতন লােক। পৰিচালনা সমিতিৰ সভাপতিৰ স’তে মিলি প্রধান শিক্ষয়িত্রী চন্দ্রমা ডেকাই মধ্যহ্ন ভােজনৰ ধন আত্মসাৎ কৰাৰ অভিযােগ স্থানীয় ৰাইজৰ।দুর্নীতিগ্রস্ত প্রধান শিক্ষয়িত্রী চন্দ্রমা ডেকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Exit mobile version