ধিঙৰ কটঁহগুৰিত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও, ধিং, বটদ্ৰৱা আৰু জাজৰী আৰক্ষীৰ অভিযান

Screenshot 152

ধিঙৰ কটঁহগুৰিত আজি ড্ৰাগছৰ বিৰুদ্ধে নগাঁও, ধিং, বটদ্ৰৱা আৰু জাজৰী আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ৩জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

লগতে AS01 DF9083 নম্বৰৰ এখন Swift গাড়ীও জব্দ কৰিবলৈ সক্ষম হয়। এই ঘটনাক কেন্দ্র কৰি বৰ্তমান সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

আব্দুল হামিদ নামৰ এজন ড্ৰাগছ সৰবৰাহ কাৰীৰ ঘৰত চলিছিল এই বৃহৎ অভিযান। আব্দুল হামিদৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ ।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ছেলিম আহম্মেদ আৰু জুলহাস আলী নামৰ দুজনক আটক কৰাৰ লগতে তেওঁ লোকৰ পৰা কেতবোৰ চোকাঅস্ত্ৰও জব্দ কৰে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত জলত পৰিছে বহু কেইটা ড্ৰাগছ সৰবৰাহকাৰী। সম্প্ৰতি নগাঁও জিলাৰ পশ্চিমাঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায় চলি আহিছে। যাৰ কৱলত পৰিছে নৱপ্ৰজন্মৰ বহু

জন। সৰ্বস্বান্ত হৈ পৰিছে বহু পৰিয়াল।

Exit mobile version