২৩ জানুৱাৰীত ৰাজ্যৰ ৩২৫ টা স্থানত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ বহুচৰ্চিত ছবি ‘গৰু’ৱে

502d6deb a9ce 48f4 9de0 ce85bfab479d

হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত ছবি ‘গৰু’ শুভমুক্তি পাব অহা ২৩ জানুৱাৰীত। ছাহজাহানৰ কাহিনী আধাৰত নিৰ্মিত ছবিখনৰ শুভমুক্তি হ’ব একেলগে ৩২৫ টা স্থানত।ছবিগৃহ বিপৰীতে ‘গৰু’ মুক্তি পাব প্ৰেক্ষাগৃহ-নাট্যমন্দিৰত।

২২ জানুৱাৰীত গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত বিশেষ দৰ্শনী মুকলি হ’ব |ছবিখনত অভিনয় কৰিছে বাহৰুল ইছলাম, পাকিজা বেগম, সিদ্ধাৰ্থ মুখাৰ্জী, কমল লোচন, চন্দন দাস , লনিশ্ৰী আদিয়ে।

শুভমুক্তি দিনা প্ৰদৰ্শনী বাবে ১২৫ টা স্থান ইতিমধ্যে চুড়ান্ত হৈছে।২০০ টা স্থান বৰ্তমানো খালি হৈ আছে।যদি ছবিখন কোনোৱে বুকিং কৰিব বিচাৰে তাৰ বাবে ‘গৰু’ ছবি টিমৰ সৈতে যোগাযোগ কৰা আহ্বান জনায় পৰিচালক দাসে।

ছবিখনত সংগীত ব্যৱস্থাপনাত জড়িত হৈ আছে অংগৰাগ পাপন মহন্ত, নীল আকাশ,দীক্ষু,তৰালি শৰ্মা আদিয়ে।

লখিমী নামৰ এজনী গাই গৰুক লৈ ছবিখনৰ আৰম্ভণি।

Exit mobile version