আমি কেৱল ক্ষমতা কুক্ষিগত কৰা সপোন লৈ ফুৰা নাই : লুৰীণজ্যোতি গগৈ

WhatsApp Image 2020 12 23 at 6.20.41 PM

“গুৰুজনাৰ পবিত্ৰ ভূমিত উপস্থিত হৈ আমি তেৰাৰ পৰা আৰ্শীবাদ বিচাৰিছো। মই ইতিমধ্যে বিভিন্ন নামঘৰ, সত্ৰসমূহলৈ গৈছো। সত্ৰাধিকাৰ প্ৰভূসকলৰ পৰা আৰ্শীবাদ লৈছো। তেওঁলোকৰ লগত আলোচনা-বিলোচনা কৰিছো। গুৰুজনাই অসমৰ সমাজ ব্যৱস্থাৰ প্ৰাণ প্ৰতিষ্ঠা কৰোতা । শিক্ষা, সাহিত্য, সংস্কৃতিৰো প্ৰাণ প্ৰতিষ্ঠা কৰোতা। শিক্ষা, সাহিত্য, সংস্কৃতিত এক নৱ জাগৰণৰ সৃষ্টি কৰিছিল তেওঁ। গতিকে আমি আজি যি পৰিচয়ৰে পৃথিৱীত মানুহ হিচাপে পৰিচয় দিব পাৰিছো, এই অসমীয়া নামৰ জাতিসত্তাৰ সকলো ধৰণৰ সমল গুৰুজনাই দিছিল। কিন্তু আজি সেইবোৰ সংকটত।” কালি নিশা নগাঁও চহৰৰ হোটেল নগাঁও পইন্টত সাংবাদিকৰ আগত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

আজি অসমৰ সাহিত্য-সংস্কৃতি-সমন্বয় সকলো গভীৰ সংকটত বুলি মন্তব্য কৰি সভাপতি গগৈয়ে লগতে কয়,”আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু সমন্বয়ৰ বৰভেটি যিটো গুৰুজনাই গঢ়ি থৈ গৈছিল । শংকৰ আজানৰ যিটো সমন্বয়ৰ চিন্তা, দৰ্শন সেইবোৰৰ ওপৰতো গভীৰ ষড়যন্ত্ৰ চলিছে। ষড়যন্ত্ৰমূলকভাৱে সেইবোৰ নিঃশেষ কৰিবলৈ কিছুমান শক্তি উঠি পৰি লাগিছে। গতিকে সেই শক্তিসমূহক উৎখাত কৰাৰ দায়িত্ব অসম জাতীয় পৰিষদৰ।”

তেওঁ ৰাইজক উদ্দেশ্যি কয়, “অসম জাতীয় পৰিষদৰ সভাপতিৰ দৰে গধুৰ দায়িত্ব লোৱাৰ পাছত সমগ্ৰ অসমবাসী ৰাইজৰ পৰা দিহা পৰামৰ্শ, অভিভাৱকত্ব, আৰ্শীবাদ বিচাৰিছো। কাৰণ এই যাত্ৰাটো এটা ৰাজনৈতিক দলৰ যাত্ৰা নহয়, ইয়াত কেৱল মাত্ৰ ক্ষমতা কুক্ষিগত কৰি ৰখাৰ সপোনেই লৈ থকা নাই। এই যাত্ৰাক আমি অসমীয়া জাতীয় জীৱনৰ আত্ম-প্ৰতিষ্ঠাৰ মহাসংগ্ৰাম হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো। এটা জাতিৰ সভ্যতাক উত্তৰণৰ যাত্ৰাত আগুৱাই লৈ যাবলৈ নিখুত পৰিকল্পনা অসম জাতীয় পৰিষদে কৰিব। অসমৰ মানুহে যাতে শিৰ উচ্চ কৰি এইখন অসমত জীয়াই থাকিব পাৰে,দিল্লীৰ চকুত চকু থৈ কথা ক’ব পাৰে, অসমৰ অধিকাৰ যাতে আজুৰি আনিব পাৰে তাৰ বাবে আমি স্বাভিমানী চৰিত্ৰটোক জীয়াই ৰাখিব লাগিব।”

একাংশ ৰাজনৈতিক দলৰ নেতাৰ দিল্লীৰ ওচৰত “হয় হজুৰ” ভূমিকাক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয়, “কেৱলমাত্ৰ গাদী ৰক্ষাৰ বাবে তেওঁলোকে ইয়েচ বচ ভূমিকা লৈছে। কিন্তু অসমৰ ৰাইজৰ সেই চৰিত্ৰ নহয়।অসমৰ ৰাইজে অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে। গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰাৰ দায়িত্ব অসমৰ জনগনৰ, দেশৰ জনগনৰ। দেশৰ আন ঠাইৰ লোকে এই ক্ষেত্ৰত আপোচ কৰিলেও অসমৰ ৰাইজে আপোচ নকৰে। কিয়নো ‘কা’ জাপি দিয়াৰ সময়ত ইয়াক প্ৰতিপন্ন কৰিছে।সপোনৰ অসম খনৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ সুৰক্ষাৰ কাৰণে অসম জাতীয় পৰিষদৰ যাত্ৰা আৰম্ভ হৈছে, ক্ষমতা কুক্ষিগত কৰাৰ কাৰণে নহয়।”

Exit mobile version