তামিলনাডুত জালিকট্টু-মঞ্জুভিৰাত্তোৰ বাবে অনুমোদন পত্ৰ প্ৰদান কৰিলে ৰাজ্য চৰকাৰে

Madurai alanganallur jallikattu

বৰদিন আৰু নৱ বৰ্ষত ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ৰাজ্যই তৎপৰ হৈছে সেই সময়তে তামিলনাডু চৰকাৰে জালিকট্টু আৰু মঞ্জুভিৰাত্তো খেলৰ বাবে অনুমোদন পত্ৰ প্ৰদান কৰিছে ।জালিকট্টু আৰু মঞ্জুভিৰাত্তো তামিলনাডুৰ জনপ্ৰিয় খেল । সমগ্ৰ বিশ্বতে এই খেলে খ্যাতি অৰ্জন কৰিছে ।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰ্যটকো খেল চাবলৈ আহে ।কৰ্ণাটক ৰাজ্য চৰকাৰে দিয়া এক বিবৃতি অনুসৰি, জালিকট্টু খেলখনত তিনিশজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব আৰু মঞ্জুভিৰাত্তো খেলত ১৫০জন প্ৰতিযোগীয়ে ।মুকলি খেলপথাৰত এই খেলৰ আয়োজন কৰা হৈছে ।

মুঠ দৰ্শকৰ ভিতৰত ৫০ শতাংশ দৰ্শকেহে খেল চাবলৈ অনুমতি পাব । দৰ্শকসকলে অৱশ্যে মাস্ক পৰিধান কৰিব লাগিব আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব ।প্ৰতিযোগীসকলৰ বাবেও নিয়ম জাৰি কৰিছে চৰকাৰে । চলিত বৰ্ষৰ পোংগল উৎসৱৰ বাবেও ৰাজ্য চৰকাৰে অনুমোদন পত্ৰ জাৰি কৰিছিল।

অতিমাৰিৰ সময়তে এই উৎসৱৰ বাবে অনুমোদন দিয়াৰ পাছতে ৰাজ্যত সংক্ৰমণ বৃদ্ধি পাইছিল । এই সিদ্ধান্তৰ বাবে ৰাজ্য চৰকাৰ সমালোচনাৰ পাত্ৰও হৈ পৰে । কিছু সংখ্যক লোকে পোংগল ঘটনাৰ পাছতো কেনেকৈ খেল দুখনৰ বাবে অনুমোদন পত্ৰ প্ৰদান কৰিলে চৰকাৰে বুলি প্ৰশ্ন উত্থাপন হৈছে ।

Exit mobile version