পাশৱিক অত্যাচাৰ : মানুহৰ মৃতদেহৰ দ্বাৰা জৈৱিক সাৰ প্রস্তুত উত্তৰ কোৰিয়াত

12208768 3x2

উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কীম জং উনৰ অমানৱীয় মানসিকতাৰ কথা সমগ্র বিশ্বই জানে। সম্প্রতি এইজন স্বৈৰাচাৰী শাসকৰ আৰু অধিক কুকীর্তি পােহৰলৈ আনিছে মার্কিন যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সংস্থা কমিটী ফৰ হিউমেন ৰাইটছ ইন নর্থ কোৰিয়া’ই। উপগ্রহযােগে সংগ্ৰহ কৰা ছবিৰ দ্বাৰা নিজৰ অভিযােগৰ সত্যতা প্রমাণৰ চেষ্টা কৰিছে ৱাশ্বিংটনস্থিত সংস্থাটোৱে।

অৱশ্যে এই অভিযােগক সম্পূর্ণভাৱে নস্যাৎ কৰিছে। উত্তৰ কোৰিয়াই। মানৱ অধিকাৰ সংস্থাটোৰ দ্বাৰা প্রকাশিত প্রতিবেদনত উল্লেখ কৰা অনুসৰি কৰ’না সংক্ৰমণৰ মাজতে অর্থনৈতিক সংকট বৃদ্ধি পাইছে উত্তৰ কোৰিয়াত। এনে পৰিস্থিতিৰ বাবে বহু বাসিন্দাই দেশ এৰি পলােৱাৰ চেষ্টা কৰিছে; কিন্তু কম জং উনৰ নির্দেশত উত্তৰ কোৰিয়াৰ সীমান্তত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।

যাৰ বাবে দেশ এৰিবলৈ কৰা চেষ্টা ব্যর্থ হৈছে বাসিন্দাসকলৰ। নিৰাপত্তাৰক্ষীয়ে এনে বাসিন্দাসকলক গ্রেপ্তাৰ কৰি গাহৰি পালনৰ কাম-কাজত বাধ্যতামূলকভাৱে নিয়ােগ কৰিছে।মাত্র এবেলা খাবলৈ দিয়ে এই বাসিন্দাসকলক কঠোৰ শ্ৰম কৰােৱা হৈছে। এনে কঠোৰ শ্ৰমৰ ফলত বহুজনে প্রাণ হেৰুৱাবলগীয়া হৈছে।

সবাতােকৈ ডাঙৰ কথা যে এই মৃত লােকসকলৰ দেহবিলাকত মাটি ঢাকি ৰাখি জৈৱিক সাৰ প্ৰস্তুত কৰা হৈছে। এনে সাৰ ফুলৰ বাগিচাত ব্যৱহাৰ কৰা হৈছে। মানৱ অধিকাৰ সংস্থাটোৰ এজন বিশেষজ্ঞই উপগ্রহ ছবিৰ বিশ্লেষণ কৰি দাবী কৰা অনুসৰি দেশখনৰ ৰাজধানী পিয়ংয়ঙৰ পৰা ৩০ মাইল দূৰত ‘দ্য চংচান’ নামৰ এটা শিবিৰ আছে। এই শিবিতে দেশ এৰি পলাবলৈ চেষ্টা কৰা বাসিন্দাসকলক আবদ্ধ কৰি অকথ্য অত্যাচাৰ চলাই গৈছে কীম জং উনৰ প্রশাসনে।

ইমানেই নহয় এই বন্দী লােকসকলক অন্যান্য বহু কামতাে বাধ্যতামূলকভাৱে নিয়ােগ কৰা হৈছে। মৃতদেহৰ দ্বাৰা প্রস্তুত কৰা সাৰক মূলতঃ ৰঙা ৰঙৰ ফুলৰ বাগানত অধিক ব্যৱহাৰ কৰা হৈছে। এই পাশৱিক অত্যাচাৰৰ ঘটনাক দেশখনে অস্বীকাৰ কৰিলেও বিশ্বৰ বহু দেশে এনে অত্যাচাৰক সজোৰে নিন্দা কৰিছে।

Exit mobile version