প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘লিজ’ন‌ অৱ মেৰিট’ বিভূষণেৰে বিভূষিত কৰে ড’নাল্ড ট্ৰাম্পে

5d87f7bf35b95.image

পদত্যাগ কৰাৰ পূৰ্বে ‘বিশেষ বন্ধু’ নৰেন্দ্ৰ মোদীক পুৰষ্কৃত কৰিলে ড’নাল্ড ট্ৰাম্পে । দেশৰ সৰ্ব্বোচ্চ সন্মান ‘লিজ’ন‌ অৱ মেৰিট’ৰে ভাৰতৰ প্ৰধানমন্ত্ৰীক বিভূষিত কৰিছে আমেৰিকাৰ চৰকাৰে । হোইট হাউচত নৰেন্দ্ৰ মোদীৰ হৈ পুৰষ্কাৰ গ্ৰহণ কৰে আমেৰিকাৰ ভাৰতীয় দূত তৰণজিৎ সিং সন্ধুৱে ।

তেওঁৰ হাতত স্মাৰক তুলি দিয়ে বিদায়ী ট্ৰাম্প প্ৰশাসনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ৰবাৰ্ট চি অ’ব্ৰায়েনে ।যোৱা বছৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে আমেৰিকাত আয়োজিত ‘হাউদি মোদী’ অনুষ্ঠানে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । চলিত বৰ্ষৰ আৰম্ভণিতে ট্ৰাম্পে ভাৰতলৈ আহোঁতে প্ৰধানমন্ত্ৰী মোদীয়ে আয়োজন কৰিছিল ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানৰ ।

এই পুৰষ্কাৰত আমেৰিকান‌ প্ৰশাসনৰ বিবৃতিটো এই বিশেষ সম্পৰ্কৰ বিষয়েই উল্লেখ আছে । উল্লেখ কৰা আছে, ‘ভাৰত-আমেৰিকাৰ কৌশলগত সম্পৰ্ক অধিক দৃঢ় কৰাৰ অৱদান হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক এই সন্মানেৰে বিভূষিত কৰিছে ।’ ভাৰতে বিশ্বৰ অন্যতম শক্তিশালী দেশ হিচাপে পৰিগণিত হোৱাত মোদীৰ অটল নেতৃত্ব আৰু ইতিবাচক ভূমিকাৰ কথাও উল্লেখ কৰা হৈছে ।

এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে টুইট কৰে, ‘এই পুৰষ্কাৰ আৰু সন্মানেই দুই দেশৰ সুসম্পৰ্কৰ প্ৰমাণ ।’মোদীৰ স’তে এই সন্মান লাভ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবে। প্ৰশান্ত মহাসাগৰত চীনৰ একক আধিপত্য খৰ্ব কৰিবৰ বাবে আৰু সেই অঞ্চলত স্থিতিশীলতা অব্যাহত ৰাখিবৰ বাবে ভাৰত-অষ্ট্ৰেলিয়া-জাপানৰ স’তে ‘কোৱাদ’ গঠন কৰিছে আমেৰিকাই ।

Exit mobile version