ফেব্ৰুৱাৰী পৰ্যন্ত অনুষ্ঠিত নহয় চি বি এছ চিৰ পৰীক্ষা

ASwderf

অহা ফেব্ৰুৱাৰী পৰ্যন্ত চি বি এছ চিৰ পৰীক্ষা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয় বুলি আজি স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ প’খৰিয়ালে । শিক্ষকৰ স’তে এক বাৰ্তালাপ অনুষ্ঠানত তেওঁ কয় যে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ পৰা চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাবলৈ লাভ কৰা অনুৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ADVERTISEMENT

অৱশ্যে কেতিয়া এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব সেই কথা তেওঁ স্পষ্ট কৰি দিয়া নাই । তেওঁ কয় যে গ্ৰামাঞ্চলত বহু বিদ্যালয় থকা হেতুকে এই পৰীক্ষা অনলাইন যোগে সম্পন্ন কৰাটো সম্ভৱ নহ’ব । তদুপৰি পাথ্যক্ৰমৰ পৰিসৰ হ্ৰাস কৰা হ’ব বুলিও মন্ত্ৰীজনে সদৰী কৰে ।উল্লেখ্য যে মুঠ পাঠ্যক্ৰমৰ ৩০ শতাংশ ইতিমধ্যে পৰিহাৰ কৰা হৈছে । এই সন্দৰ্ভত কিছুমান ৰাজ্যই ইতিমধ্যে প্ৰয়োজনীয় ঘোষণা কৰিছে যদিও আন কিছুমান ৰাজ্যই অনতি পলমে ঘোষণা কৰিব ।

Exit mobile version