কিষান দিৱস ২০২০ : এগৰাকী মহিলা কৃষকৰ ভাষ্য কিয় তেওঁ দিল্লী সীমান্তত কৃষকসকলৰ স’তে প্ৰতিবাদ কৰিছে

oof2n3o sarabjeet humans of

দিল্লীৰ সিংঘু সীমান্তত কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা মহিলা কৃষক প্ৰতিবাদী ছৰৱজিতে কয়, ‘আমি যুদ্ধ কৰিব নিবিচাৰো, আমি কেৱল আমাক শুনাটো বিচাৰো ।’ কৃষকসকলে ২৬ নৱেম্বৰৰ পৰাই দিল্লী সীমান্তত নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ছৰৱজিতে কয়, ‘মই মোৰ সম্পূৰ্ণ জীৱন খেতিতে উচৰ্গা কৰিছো । ঘৰৰ চাৰিটা সন্তানৰ ভিতৰত মইয়ে একমাত্ৰ জীয়ৰী । মোৰ দেউতাই মোক পুত্ৰৰ দৰে ডাঙৰ-দীঘল কৰিছে । দেউতাই মোক ঘৰত ৰান্ধা-বঢ়া কৰাৰ পৰিৱৰ্তে খেতিত তেওঁক সহায় কৰিবলৈ কৈছিল ।’

কৃষিৰ প্ৰতি তেওঁৰ ইমান আগ্ৰহ আছিল যে তেওঁ বিয়াৰ বাবে স্বৰ্ত ৰাখিছিল যে তেওঁ কৃষি কাৰ্যত লিপ্ত হৈয়ে থাকিব । তেওঁ প্ৰতি বছৰৰ শস্যৰ লগতে যি অৰ্থ উপাৰ্জন কৰে সেইখিনিৰে ঘৰোৱা খৰচটো সহায় কৰে ।

কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত ছৰৱজিতে কয়, ‘মই বীজ ৰোপণৰ পৰা আৰম্ভ কৰি শস্য তোলা লৈকে সকলোবোৰ কামে কৰো । কেতিয়াবা বৰষুণে কেতিয়াবা কীট-পতংগই আমাৰ শস্য ধ্বংস কৰে কিন্তু আমি পৰিশ্ৰম কৰি যাঁও । নতুন কৃষি আইনসমূহ কৃষকসকলৰ বিষয়ে বিবেচনা নকৰাকৈ পাছ কৰা হৈছে, মই একো নকৰাকৈ ঘৰত বহি থাকিব নোৱাৰো ।’

তেওঁ সকলোকে দিল্লীত প্ৰতিবাদী কৃষকসকলক যোগ দিবলৈ কৈছিল । তেওঁৰ পুত্ৰই তেওঁক প্ৰতিবাদত অংশ গ্ৰহণ কৰিবৰ বাবে বাধা প্ৰদান কৰাৰ সত্বেও তেওঁ ছিংঘু সীমান্তত প্ৰতিবাদ আৰম্ভ হোৱাৰ এসপ্তাহ পাছতে প্ৰতিবাদত যোগ দিয়ে ।

প্ৰতিবাদ স্থলীৰ সন্দৰ্ভত ছৰৱজিতে কয় যে, প্ৰত্যেক সন্ধিয়া কৃষকসকলে একগোট হৈ পঞ্জাৱী গীত গাই । গুৰুপুৰৱৰ দিনা আৰক্ষীসকলেও কৃষকসকলক যোগ দিছিল ।

Exit mobile version