বিজেপি গমনৰ পূর্বে কংগ্ৰেছ কার্যালয় দখলৰ বাবে তৎপৰ অজন্তা নেওগ

BeFunky collage 80

প্রাক্তন মন্ত্রী অজন্তা নেওগৰ বিজেপি গমন নিশ্চিত হােৱাৰ পাছতে কংগ্ৰেছ কৰ্মীসকলৰ মাজতাে সংঘাত সৃষ্টি হৈছে। জ্যেষ্ঠ নেত্রীগৰাকী বিজেপিমুখী হােৱাৰ লগতে কংগ্ৰেছৰ কার্যালয়ে নিজৰ দখললৈ নিবলৈ তৎপৰ হৈছে। এনে পৰিপ্ৰেক্ষিততে আজি প্রশাসনে গােলাঘাট জিলাৰ গমাৰীগুৰি ব্লক কংগ্ৰেছৰ কার্যালয় ছীল কৰি দিবলগীয়া হয়।

বিজেপিমুখী একাংশ কংগ্ৰেছ কৰ্মীৰ অভিযােগৰ ভিত্তিত আজি পুৱা জিলা প্রশাসনৰ হৈ সীমান্ত দণ্ডাধীশে ছীল কৰি দিয়ে জিলাখনৰ কংগ্ৰেছৰ দুর্গখ্যাত গমাৰীগুৰি ব্লক কংগ্ৰেছৰ কার্যালয়টো। ব্লক কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই প্রাক্তন মন্ত্রী তথা গােলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা নেওগৰ স’তে বিজেপিমুখী হৈছে।

ইয়াৰ বিপৰীতে বর্তমান কংগ্ৰেছত থকা কর্মীসকলে ব্লক কংগ্ৰেছৰ কার্যালয়টো ব্যৱহাৰ কৰাত আপত্তি দর্শাইছে দলত্যাগীসকলে। সেই আপত্তিৰ ভিত্তিতে গােলাঘাট জিলা প্রশাসনে আইন-শৃংখলা নিয়ন্ত্ৰণৰ অজুহাত দি কার্যালয়টো ছীল কৰি দিয়ে। এই সন্দৰ্ভত সীমান্ত দণ্ডাধীশে শান্তি-শৃংখলা ভংগ হােৱাৰ আশংকাতে জিলা দণ্ডাধীশৰ নির্দেশ মর্মে উক্ত কংগ্ৰেছৰ কার্যালয়টো ছীল কৰা বুলি সদৰী কৰিছে।

ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল। বিধায়িকা নেওগৰ উদ্যোগতে কংগ্ৰেছ কার্যালয় ছীল কৰাৰ লগতে কংগ্ৰেছ কৰ্মীৰ ওপৰত উৎপীড়ন চলােৱা বুলি অভিযােগ কৰিছে গােলাঘাট জিলা কংগ্ৰেছে। জিলা কংগ্রেছৰ। ভাৰপ্রাপ্ত সভাপতি গুণীন বৰদলৈয়ে প্রতিক্রিয়া প্রকাশ কৰি দলীয় কার্যালয় ছীল কৰা বিষয়টো অতি দুর্ভাগ্যজনক বুলি অভিহিত কৰে।

তেওঁ কয়, ‘একাংশ কংগ্ৰেছ কর্মীও বিধায়িকাগৰাকীৰ লগত বিজেপিমুখী হৈছে। তেওঁলােক বিজেপিলৈ যােৱাত আমাৰ ক’বলৈ একো নাই; কিন্তু কংগ্ৰেছৰ কার্যালয়টো লগত নিবলৈ ওলােৱা কাৰ্যই গােলাঘাট বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্রতিহিংসাৰ সৃষ্টি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সেয়ে সমগ্র বিষয়টো দণ্ডাধীশ পর্যায়ৰ তদন্ত কৰি কংগ্ৰেছক মােকলাই দিবলৈ উপায়ুক্তক জিলা কংগ্ৰেছে দাবী জনাইছে। তদুপৰি হিংসা-প্রতিহিংসাৰ ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনাইছে।’

Exit mobile version