বোকাজানৰ টিংলিজানত বালিৰ ট্ৰাকত খুন্দিয়াই পথাৰত পৰিল বলেৰ গাড়ী ।
ডিমাপুৰ অভিমুখী আহি আছিল গাড়ী দুখন ।
গুৰুতৰভাৱে আহত চাৰিজন ।
ইতিমধ্যে আহত সকলক বোকাজান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
বলেৰ’খনৰ নম্বৰ এন.এল ০৭ এইচ ১২৮৪ আৰু ট্ৰাকৰখনৰ নম্বৰ হৈছে এন.এল ০৫জি০৮১০ ।
উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা বালিৰ ট্ৰাকসমূহে ৰাতি পিছ ফালৰ লাইট নজ্বলোৱাৰ বাবেই সঘনাই দূৰ্ঘটনা হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।