সুদীৰ্ঘ সাত বছৰ পাছত গীৰ্জাত প্ৰৱেশ কৰিলে একালৰ শীৰ্ষ এন ডি এফ বি নেতা বি আৰ ফেৰেংগাই

20201225 111622

আজি খ্ৰীষ্টান ধৰ্মী লোকসকলৰ পবিত্ৰ বৰদিন। এই উৎসৱত অংশ গ্ৰহণ কৰাৰ পৰা পিছ পৰি নাথাকিল বি টি আৰ শান্তি চুক্তিকাৰী এন ডি এফ বিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিটিচিৰ কাৰ্যবাহী সদস্য বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ।

আজি চিৰাং জিলাৰ বেংতল টাউন ব্যাপ্তিষ্ট গীৰ্জাৰ সমূহীয়া প্ৰাৰ্থনাত বি আৰ ফেৰেংগাই সুদীৰ্ঘ সাত বছৰ পাছত গীৰ্জাত প্ৰৱেশ কৰি সমূহীয়া প্ৰাৰ্থনাত অংশ লৈ নিজেও
কেৰলৰ অসমীয়া ভাষাৰ গীতত গাই । এই গীৰ্জাখনৰ পৰিচাৰিকা আছিল তেওঁ। ২০১৩ৰ সাত এপ্ৰিলত বি আৰ ফেৰেংগাই নিজ গৃহ এৰি সশস্ত্ৰ সংগঠন এনডিএফবিত যোগদান কৰিছিল । জানুৱাৰীত মূলসুঁতিলৈ উভতি অহাৰ পাছত আজি বেংতল বজাৰৰ টাউন গীৰ্জাত প্ৰৱেশ কৰে ৷

আজিৰ পবিত্ৰ বৰদিনৰ দিনাখনেই সাত বছৰ পাছত স্ত্ৰী আৰু কন্যাৰ স’তে প্ৰথমবাৰৰ বাবে গীৰ্জাত একেলগে প্ৰৱেশ কৰি গীত গাই একালৰ এনডিএফবিৰ নেতা ৰঞ্জিত বসুমতাৰীয়ে উদযাপন কৰিলে যীচু খ্ৰীষ্টৰ জন্মদিন ।

আজি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বছৰৰ শেষ ক্ষণত আৰু নৱ বৰ্ষৰ আগমনৰ লগে লগে সমগ্ৰ বিশ্বত শান্তি আৰু সম্প্ৰতিৰ পৰিৱেশ বিৰাজ কৰিবৰ বাবে প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত ।

আজি পবিত্ৰ বৰদিন উপলক্ষে সমগ্ৰ বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ লগতে চিৰাং জিলাতো খ্ৰীষ্টানধৰ্মী লোকসকলে ধৰ্মীয় পৰম্পৰাগতভাৱে উলহ-মালহেৰে পবিত্ৰ বৰদিন উদযাপন কৰে। এই উপলক্ষে জিলাখনৰ সকলো গীৰ্জা আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে গাঁৱৰ লোকসকলে পদূলিয়ে পদূলিয়ে ৰং বিৰঙৰ কাগজ আঁৰি, আলোক সজ্জাৰে সজাই-পৰাই তোলা পৰিলক্ষিত হৈছে ।

আজি পুৱাৰে পৰা কেৰলৰ সুমধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গীৰ্জাৰ চৌদিশ। জিলাখনৰ সদৰ কাজলগাঁও, চাপাগুৰি, বেংতল, ৰুণীখাটা, শান্তিপুৰ, দাদগিৰি, আমটেকা, কয়লাময়লা, বিজনী আদি ঠাইৰ গীৰ্জাসমূহত সমূহীয়া প্ৰাৰ্থনাৰ জৰিয়তে বিশ্ব শান্তিৰ কামনা কৰে । লগতে ধৰ্মীয় আলোচনা আৰু ল’ৰা ছোৱালীৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতা অনুষ্ঠিত কৰে । জিলাখনৰ প্ৰতিষ্ঠাৰ এশ পাঁচ বছৰত ভৰি দিয়া বামুণগাঁও ব্যাপ্তিষ্ট চাৰ্ছত কালিৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে তিনিদিনীয়া অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ।

ডেৰশ বছৰীয়া বেংতল টুক্ৰাঝাৰৰ গীৰ্জাতো পবিত্ৰ বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত বিশেষ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আজি সমগ্ৰ চিৰাং জিলাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

Exit mobile version