অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ জনীয়া আঞ্চলিক কমিটিৰ শপত গ্ৰহণ

e26664ba 4af6 4f6e b3d0 d90b22d3e7d0

আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ জনীয়া আঞ্চলিক কমিটিৰ শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সভাখন পৰিচালনা কৰে বৰপেটা জিলা কমিটিৰ উপ-সভাপতি আব্দুৰ ৰহিম বাদসাই। সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোজ্জেম হুছেইন, বৰপেটা জিলা সমিতিৰ উপদেষ্টা তথা জনীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, উপাধ্যক্ষ শিৰাজুল ইছলাম, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ খান, জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিককে ধৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

ছানোৱাৰ হুছেইনক সভাপতি, মমৰেজ আলীক কাৰ্যকৰী সভাপতি, হাবিব ইবনে ইব্ৰাহীমক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নৱ গঠিত জনীয়া আঞ্চলিক কমিটি খনৰ শুকুৰবাৰে শপত গ্ৰহণ অনুষ্ঠিত হৈ যায়। সভাত বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানে উপস্থিত থাকি কয় যে আমছূতকৈও সংখ্যালঘু সংগ্ৰাম পৰিষদে জাতিৰ কাৰণে ভাল কাম কৰি আহিছে।

Exit mobile version