কাশ্মীৰত শ্বহীদ অসমৰ বীৰ জোৱান মৃত্যুঞ্জয় চুতীয়া

c374bf99 dafa 4cae 80cd 8a93dcafc05d

শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নশ্বৰ দেহ অনা হৈছে নিজগৃহলৈ । বীৰ জোৱান মৃত্যুঞ্জয় চুতীয়াৰ শেষকৃত্য সম্পন্ন কৰা হব ধেমাজিৰ চিচিবৰ গাঁৱৰ বাসগৃহত।

কাশ্মীৰত কৰ্মৰত আছিল মৃত্যুঞ্জয় । বৃহস্পতিবাৰে গ্ৰেনেড আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় মৃত্যুঞ্জয় চুতীয়া। জোৱান জনক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অসমৰ বীৰ জোৱান মৃত্যুঞ্জয় চুতীয়াই।

শ্বহীদ মৃত্যুঞ্জয়ৰ চুতীয়াৰ নশ্বৰ দেহ অনা হৈছে ধেমাজিৰ নিজ বাসগৃহলৈ । ক্ষন্তেক সময়ৰ পিছতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ক’ৰা হব বীৰ শ্বহীদ জোৱান মৃত্যুঞ্জয় চুতীয়াৰ নশ্বৰ দেহ ।

Exit mobile version