আজি পশ্চিম কাৰ্বি আংলং পালেহি প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভষ্ম | শান্তি সদভাৱনা যাত্রা নামাকৰনেৰে হাতত লোৱা কাৰ্যসূচীৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত খেৰণিস্থিত মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মানস বৰা আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক মৃণাল হাজৰিকা উপস্থিত হৈ দলীয় নেতা-কৰ্মী আৰু কেবা শতাধিক ৰাইজৰ উপস্থিতিত প্ৰথমে দলীয় কৰ্মী আৰু ৰাইজে শ্ৰদ্ধাঞ্জলী জনায় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক।
পশ্চিম কাৰ্বি আংলং পালেহি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভষ্ম
