প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭২ তম মন কি বাত

933486 20201024186l

দেওবাৰে বছৰৰ অন্তিম ‘মন কী বাট’ৰ যোগেৰে প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে , তেওঁ কইম্বাটুৰৰ চাৰি বছৰীয়া কুকুৰ বীৰাৰ বিষয়ে উল্লেখ কৰে, ভৰিত আঘাত পায় ঘূৰি ফুৰিছিল ,বৰ্তমান এখন হুইলচেয়াৰ বীৰা ।হুইলচেয়াৰখন তৈয়াৰ কৰি উলাইছে এজন পশু প্রেমীয়ে।

“মই তামিলনাডুৰ কইম্বাটুৰত হৃদয় স্পৰ্শকৰা এটা কাহিনী পঢ়িছিলোঁ । আপোনালোকেও এই কথা ছ’চিয়েল মিডিয়াত দেখিছিল। আমি মানুহৰ বাবে হুইলচেয়াৰ দেখিছোঁ, কিন্তু কইম্বাটুৰৰ গায়াথৰীয়ে, তেওঁৰ পিতৃৰ লগতে, এটা আঘাতপ্ৰাপ্ত কুকুৰৰ বাবেও হুইলচেয়াৰ তৈয়াৰ কৰিছিল এয়া প্ৰেৰণাদায়ক।” বুলিও মন্তব্য মোদীৰ।

গায়থৰিয়ে কয় যে, তেওঁ চহৰৰ এক আশ্ৰমৰ পৰা চাৰি বছৰীয়া বীৰাক গ্ৰহণ কৰিছিল আৰু লকডাউনৰ সময়ত ঘৰলৈ লৈ আনিছিল।

“দিল্লী-চি.চি.অ’. আৰু অন্যান্য চহৰত, বহু লোকে ঠাণ্ডাত বিপথগামী জন্তুৰ বাবে যথেষ্ট কাম কৰি আছে । তেওঁলোকে সেই জন্তুবোৰৰ বাবে খাদ্য, পানী, চুৱেটাৰ আৰু আনকি বিচনাৰ ব্যৱস্থা কৰে” বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। “কিছুমান লোকে প্ৰতিদিনে শ শ এনে জন্তুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰে। এনে প্ৰচেষ্টাক আমি প্ৰশংসা কৰিব লাগে ।”

উত্তৰ প্ৰদেশৰ কাৰাগাৰৰ মুখ্য নিৰ্দেশক আনন্দ কুমাৰে কয়, “এয়া এক গৌৰৱান্বিত মুহূৰ্ত যে পিএম মোদীয়ে মন কী বাতত কাৰাগাৰৰ কথা উল্লেখ কৰিছে । কছাম্বী কাৰাগাৰত গৰু সুৰক্ষাত এক তাক্ষৰমূলক কাম কৰাৰ বাবে গৰুক ঠাণ্ডাৰ পৰা ৰক্ষা পেলাবৰ বাবে কোট তৈয়াৰ কৰাৰ কথা পিএমৰ মন কি বাতত উল্লেখ কৰিছে। মুকুণ্ড আৰু তেওঁৰ দলক অভিনন্দন আৰু সহানুভূতিশীল কয়েদিসকলক হেটছ অফ ।”

Exit mobile version