বিক্ৰী হ’ল মাইকেল জেকচনৰ ‘নেভাৰলেণ্ড’

svr 04 jimbartsch trainstation 03 16 16

প্ৰয়াত পপ ষ্টাৰ মাইকেল জেকচনৰ ৰাজ প্ৰসাদ সদৃশ গৃহ দুই কোটি ২০ লাখ ডলাৰৰ পৰিৱৰ্তে ক্ৰয় কৰিলে ধন কুবেৰ ৰণ বাৰ্কলে । বাৰ্কলে জেকচনৰ সহযোগী আছিল । বৰ্তমান তেওঁ বিনিয়োগ সংস্থা ‘ইউকাইপা কোম্পানীজ’ৰ সহপ্ৰতিস্থাতা ।

চান্তা বাৰবাৰাৰ পৰা ৬৪ কিলোমিটাৰ দূৰত্বত এই সম্পত্তি ২০১৫ ত প্ৰথমে নিলামৰ বাবে ৰখা হৈছিল । তেতিয়া ইয়াৰ মূল্য আছিল ১০ কোটি ডলাৰ । ইয়াৰ পাছত প্ৰতিবছৰে ইয়াৰ মূল্য কমি গৈ থাকিল । যোৱা বছৰ ইয়াৰ মূল্য আছিল তিনি কোটি ১০ লাখ ডলাৰ । জেকচনৰ এই বিলাসী ৰেঞ্চৰ সহমালিক আছিল কল’নি কেপিটেল ।

বৃহৎ ঋণত জৰ্জৰিত হৈ শিল্পীগৰাকীয়ে ২০০৮ত এই প্ৰসাদ বিক্ৰী কৰে ইনভেষ্টমেন্ট ট্ৰাষ্টক । ইয়াৰ পাছত ই জইণ্ট ভেনচাৰত পৰিণত হয় ।

অভুতপূৰ্ব সম্পদেৰে সজোৱা এই নেডাৰলেণ্ডত আছিল ফেৰিছ হুইল আৰু মেৰি গ’ ৰাউণ্ডত সজোৱাৰ দৰে এখন বিনোদন উদ্যান । উদ্যানখনত ওৰাংওটাং আৰু হাতীও আছিল । ২৭০০ একৰ জুৰি বিস্তৃত হৈ থকা এই দিকশূণ্যপুৰত মুঠ ২২ খন গৃহ আছিল । ইয়াৰে এখন আছিল ১২ হেজাৰ বৰ্গফুটৰ প্ৰসাদ । ইয়াৰ স্থাপত্যশৈলী নৰ্মাণ্ডি ঘৰানাৰ পৰা গ্ৰহণ কৰা হৈছিল । অতিথিশালা, চুইমিংপুল, বাস্কেটবল ক’ৰ্ট আৰু টেনিচক’ৰ্টসহ ৫০খন আসনযুক্ত চলচ্চিত্ৰ গৃহও আছিল ।

এই বিলাসবহুল ষ্টেটখনৰ বিশেষত্ব আছিল তিনিখন ৰেলব’ৰ্ড । তিনি ফুট দৈৰ্ঘ্যৰ নেৰ’গেজ ৰেলব’ৰ্ডৰ নাম আছিল ‘নেভাৰলেণ্ড ভেলী ৰেলৰ’ড’ । দুই কোঠালিযুক্ত ৰেলখনক টানি লৈ যায় ষ্টিম ল’ক’ম’টিভ ইঞ্জিনে । ইঞ্জিনটোৰ নাম নিজ মাতৃৰ ‘কেথৰিন’ নামেৰে নামাকৰণ কৰিছিল জেকছনে ।

২০০৩ত জেকছনৰ বিৰুদ্ধে নিজ গৃহত শিশুক যৌন নিৰ্যাটনৰ অভিযোগ উত্থাপন হৈছিল । কিন্তু পৰৱৰ্তী সময়ত সকলোবোৰ অভিযোগ ভুৱা প্ৰমাণিত হয়। ইয়াৰ পাছত তেওঁ ‘নেভাৰলেণ্ড’ ত্যাগ কৰে ।

২০০৯ ত জেকছনৰ ৰহস্যজনক মৃত্যুৰ পাছত এই সম্পত্তিৰ নাম হয় ‘ছাইকামোৰ ভেলী ৰেঞ্চ’ । ১৯৮৮ত জেকছনে এই ষ্টেট ক্ৰয় কৰিছিল । সূত্ৰ অনুসৰি, সেই সময়ত এই ষ্টেটৰ মূল্য এক কোটি ৯৫ লাখ ডলাৰ আছিল । তেওঁ তিনি কোটি ডলাৰ ব্যয় কৰি এই ষ্টেট ক্ৰয় কৰিছিল ।

Exit mobile version