বিবাহ বাৰ্ষিকীত পত্নীক ‘চন্দ্ৰৰ ভূমি’ উপহাৰত দিলে ৰাজস্থানৰ ধৰ্মেন্দ্ৰ আনিজাই

Capture PmFZrOP 3KFzY3M

বিবাহ বাৰ্ষিকীত বহু লোকে বহু ধৰণৰ উপহাৰ দিয়ে কিন্তু ৰাজস্থানৰ এজন লোকে পত্নীক বিবাহ বাৰ্ষিকীত যি উপহাৰ দিলে সেয়া আচৰ্যকৰ । যোৱা ২৪ ডিচেম্বৰত অষ্টম বিবাহ বাৰ্ষিকী আছিল ৰাজস্থানৰ বাসিন্দা ধৰ্মেন্দ্ৰ আনিজা আৰু স্বপ্না আনিজাৰ । তেওঁ পত্নীক দামি গহনা বা পোছাকৰ পৰিৱৰ্তে ‘চন্দ্ৰৰ ভূমি’ ক্ৰয় কৰি উপহাৰ হিচাপে দিয়ে ।

সংবাদ মাধ্যমযোগে ধৰ্মেন্দ্ৰই কয়, ‘আমাৰ বিবাহ বাৰ্ষিকী আছিল ২৪ ডিচেম্বৰত । পত্নীৰ বাবে কিবা স্পিচিয়েল কৰাৰ ইচ্ছা আছিল । প্ৰত্যেকেই গাড়ী বা নতুন গহনা উপহাৰ দিয়ে । ‌চিৰাচৰিত ট্ৰেণ্ডতকৈ কিছু বেলেগ কৰাৰ পৰিকল্পনা কৰিছিলো । সেয়েহে চন্দ্ৰৰ ভূমি ক্ৰয় কৰি উপহাৰ হিচাপে দিয়াৰ কথা ঠিৰাং কৰিলো ।’

ভবা মতেই কাম, এই সন্দৰ্ভত নিউয়ৰ্কৰ লুনা ছ’ছাইটি ইণ্টাৰনেচনেলৰ স’তে যোগাযোগ কৰে ধৰ্মেন্দ্ৰই । তেওঁৰ দাবী, এই সংস্থাৰ স’তে এবছৰ পূৰ্বেই যোগাযোগ কৰিছিল । সকলো কাম সম্পূৰ্ণ হ’বলৈ এবছৰৰ প্ৰয়োজন হৈছিল ।

ধৰ্মেন্দ্ৰই কয়, ‘মই বহুত সুখী । মই ভাবো চন্দ্ৰত ভূমি ক্ৰয় কৰা ৰাজস্থানৰ মইয়ে প্ৰথম ।’

এই অভূতপূৰ্ব উপহাৰ লাভ কৰি ধৰ্মেন্দ্ৰৰ পত্নী স্বপ্নাও বহুত সুখী । তেওঁ কয়, ‘এনেকুৱা এটা উপহাৰ লাভ কৰিম বুলি কেতিয়াও কল্পনা কৰা নাছিলো । বিবাহ বাৰ্ষিকীত ধৰ্মেন্দ্ৰই ভূমি সংক্ৰান্ত সকলোবোৰ নথি-পত্ৰ মোৰ হাতত গতাই দিছে ।’

বিশেষজ্ঞসকলে কয় যে, কোনেও ব্যক্তিগতভাৱে চন্দ্ৰত ভূমি ক্ৰয় কৰিব নোৱাৰে । ‘চন্দ্ৰত ভূমি বিক্ৰী হৈ আছে’ বুলি কিছু সংখ্যক সংস্থাই মানুহক প্ৰলোভন দি আছে । ‘ক্ৰেতাসকলক’ প্ৰমাণপত্ৰও প্ৰদান কৰে সংস্থাবোৰে ।

Exit mobile version