আজিৰে পৰা আৰম্ভ হ’ল অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, গুজৰাট আৰু অসমত ক’ৰনা ভেকছিনৰ ড্ৰাই ৰাণ 

d41586 020 03219 y 18587346

ইয়াৰ অৰ্থ হ’ল ভেকচিনেছন সংৰক্ষণৰ পৰা প্ৰত্যন্ত অঞ্চলসমূহলৈ লৈ যোৱা । এই সময়ৰ ব্যৱধানত, প্ৰতিকূল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰখা হ’ব লগতে শীতল সংৰক্ষণ আৰু পৰিবহন ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব । চাৰিখন ৰাজ্যই তেওঁলোকৰ ভেকচিনেছন কাৰ্য্যসূচীৰ পৰ্যৱেক্ষণ কেন্দ্ৰক জনাব । প্ৰথম পৰ্যায়ৰ ভেকচিনেছনত ৩০ কোটি লোকক ভেকচিন প্ৰদানৰ পৰিকল্পনা কৰা হৈছে ।

সম্প্ৰতি মুঠ ২,৩৬০ প্ৰশিক্ষণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু ৭,০০০ বিষয়াসহ চিকিৎসকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।চাৰিখন ৰাজ্যৰ নিৰ্বাচিত স্থানসমূহত পাঁচখন সন্মিলন অনুষ্ঠিত কৰা হ’ব । প্ৰতিখন সন্মিলনৰ বাবে ২৫ জন পূৰ্ব চিনাক্ত হিতাধিকাৰী আৰু স্বাস্থ্যকৰ্মী উপস্থিত থাকিব  ।Feasibility of Co-WIN হৈছে এটা ইলেক্ট্ৰনিক এপ্লিকেচন যিয়ে হিতাধিকাৰীক চিনাক্তকৰণ কৰে আৰু অপাৰেশ্যনেল গাইডলাইন অনুসৰি ভেকচিন প্ৰদানৰ পূৰ্বচৰ্তসমূহ মূল্যায়ন কৰে ।

এ.ই.এফ.আই.  পেনেল গঠন কৰা হ’ব আৰু  যদি ভেকচিন গ্ৰহণ কৰা কোনো লোকৰ মাজত সুফল দেখা যায় সেই চিকিৎসা কেন্দ্ৰবোৰ চিনাক্ত কৰা হ’ব। স্বাস্থ্য আয়ুক্ত কটামণেণি ভাস্কৰে মন্তব্য কৰে, ভেকচিন প্ৰদান কাৰ্যসূচীৰ পাছত ষ্টেট টাস্ক ফ’ৰ্চৰ বাবে এখন ৰিপ’ৰ্ট প্ৰস্তুত কৰা হ’ব যিয়ে আমাৰ কাৰ্যসূচীৰ পৰ্যৱেক্ষণ কৰিব আৰু পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰিব । ৰিপ’ৰ্টটো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়টো প্ৰেৰণ কৰা হ’ব ।

সূত্ৰ অনুসৰি, অসমৰ দুখন জিলা শোণিতপুৰ আৰু নলবাৰীত ভেকচিনেছন‌ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ।চলিত মাহৰ আৰম্ভণিত, ভাৰত বায়োটেক, চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া (এছআইআই) আৰু ফাইজাৰে তেওঁলোকৰ COVID-19 ভেকছিনৰ জৰুৰীকালীন অনুমোদন পত্ৰ প্ৰদানৰ বাবে ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া (ডিচিজিআই)ত আবেদন কৰিছে।ভাৰতৰ বৰ্তমান মুঠ কৰ’না সংক্ৰমিতৰ সংখ্যা হৈছে ১.০১ কোটিৰো অধিক । বিশ্বৰ ক’ভিড অ’ক্ৰান্ত নিৰীক্ষণৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত  দ্বিতীয় স্থানত আছে ভাৰত।  ১.৪৭ লাখৰো অধিক লোকে ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

Exit mobile version