ভিন্ন ধৰ্মৰ পৰিয়ালত জন্মগ্রহণ কৰাই এতিয়া দোষৰ কাৰণ হৈ পৰিছে উত্তৰ প্ৰদেশৰ একাংশ যুৱক-যুৱতীৰ। ভিন্ন ধৰ্মৰ যুৱক-যুৱতীৰ মাজত প্ৰেমৰ সম্পর্ক গঢ়ি উঠাৰ পাছত এতিয়া যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে তেওঁলােকে নিজ ৰাজ্য ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰে উদ্ভৱ ঘটিছে। আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ আশংকাত ইতিমধ্যে উত্তৰ প্ৰদেশ ত্যাগ কৰি দিল্লীত আশ্ৰয় লৈছে এক প্রণয় যুগলে প্রশাসনীয় সেৱাৰ পৰীক্ষাৰ বাবে অধ্যয়নৰত হােৱাৰ সময়তে মহম্মদ ইকবাল নামৰ যুৱকজনৰ স’তে বাৰানসীৰ হিন্দু পৰিয়াল এটাৰ ২৬ বছৰীয়া যুৱতী স্মৃতিৰ প্ৰেমৰ সম্পর্ক গঢ়ি উঠিছিল।
বিগত চাৰি বছৰ ধৰি তেওঁলােকে নিজৰ পৰিয়ালক বুজোৱাৰ চেষ্টা কৰিও ব্যর্থ হৈছিল। সম্প্রতি দুয়ােকে ভাবুকি দিয়াৰাে অভিযােগ উঠিছে। সেয়ে গ্রেপ্তাৰৰ ভয়তে তেওঁলােকে উত্তৰ প্ৰদেশৰ পৰা পলায়ন কৰি দিল্লীত এটা ঘৰ ভাড়া কৰি আছে। ইতিমধ্যে ইকবাল আৰু স্মৃতিয়ে বিশেষ বিবাহ আইনৰ অধীনত বিবাহৰ বাবে আবেদন জনাইছে। এই সন্দৰ্ভত স্মৃতিয়ে সংবাদ মাধ্যমৰ আগত কয়, “মােৰ পিতৃ-মাতৃয়ে যেতিয়াই ইকবাল বিষয়ে জানিলে, তেতিয়াই মােক মােৰ কোঠাত বন্দী কৰি ৰাখিছিল। ঘৰৰ প্ৰায় সকলাে স্থানতে চিচিটিভি কেমেৰা স্থাপন কৰা হৈছিল।
আনকি ইকবালৰ প্ৰেমত পৰিবলৈ তেওঁ মােক সন্মােহিত কৰিছিল নেকি জানিবলৈ পিতৃ-মাতৃয়ে মােক এজন সন্মােহন কৰোঁতাৰ ওচৰলৈকো লৈ যােৱা হৈছিল। স্মৃতিয়ে জনায় যে উপায়হীন হৈ অভিভাৱকে তেওঁক ত্যজ্যপুত্ৰী কৰে; কিন্তু ইকবালে বলপূর্বক তেওঁৰ ধর্মান্তৰকৰণ কৰা বুলি অসন্তুষ্ট অভিভাৱকে গােচৰ দিয়াৰ আশংকাই দেখা দিছিল। সেই ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ নতুন আইন অনুসৰি তেওঁলোেক গ্রেপ্তাৰ হােৱাটো নিশ্চিত। সেই আশংকাতে নিজ ৰাজ্য ত্যাগ কৰি দিল্লীত আশ্রয় লােৱা বুলি স্মৃতিয়ে সদৰী কৰে।
উল্লেখ্য যে যােগী আদিত্যনাথৰ ৰাজ্যত ‘লাভ জেহাদ’ বিতর্ক দীর্ঘদিনৰ পৰা আছে। ইয়াৰ বাবে বিভিন্ন সময়ত সংঘটিত হৈছে হিংসাত্মক ঘটনা। সম্প্রতি উত্তৰ প্ৰদেশ চৰকাৰে ধৰ্মান্তৰকৰণ বিৰােধী’ আইন গৃহীত কৰিছে। বিবাহৰ নামত ধর্মান্তৰকৰণ বন্ধ কৰাৰ বাবেই এই আইন অনা হৈছে বুলি যােগী চৰকাৰে জনাইছে। স্থানীয়ভাৱে ইয়াক ‘লাভ জেহাদ’ আইন বুলিও কোৱা হৈছে। এই আইন অনুসৰি, ভিন্ন ধর্মত বিবাহ সম্পন্ন হােৱাৰ আগত বা পাছত মহিলাক বলপূর্বক ধর্মান্তৰকৰণ কৰাৰ প্ৰমাণ অভিযােগ উঠিলেই অভিযুক্ত গ্রেপ্তাৰ হ’ব।
বিশেষকৈ মুখ্যমন্ত্রী যােগীৰ উপৰি একাংশ কঠোৰ হিন্দুত্ববাদী সংগঠনে মুছলমান যুৱকৰ স’তে হিন্দু যুৱতীৰ বিবাহ বন্ধ কৰাৰ বাবে মাত মাতি আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে এই আইন গৃহীত কৰা বুলি চৰ্চা চলিছে। ধর্মান্তৰকৰণ বিৰােধী’ আইনৰ প্ৰসংগত আলিগড়ৰ আৰক্ষী অধীক্ষক অৰৱিন্দ কুমাৰে কয়, যদি ধর্মান্তৰকৰণৰ একমাত্র লক্ষ্যৰেই বিবাহ সম্পন্ন কৰাৰ কোনাে প্রমাণ পােৱা যায়, তেতিয়াহে উক্ত প্রণয় যুগলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁলােক য’তেই নাথাকক কিয়, আইনী ব্যৱস্থাৰ পৰা ৰেহাই নাপাব।
আনহাতে, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আইনজীৱী কে কে ৰয়ে কয় যে ইকবাল আৰু স্মৃতিয়ে ৰাজ্যলৈ প্রত্যাৱর্তন ঘটাব বিচাৰিলে উচ্চ ন্যায়ালয়ৰ পৰা নিৰাপত্তা বিচাৰিব পাৰিব। স্বয়ং প্রণয় যুগলেও আদালতৰ নিৰাপত্তা বিচৰাৰ ইচ্ছা ব্যক্ত কৰিছে। স্মৃতিয়ে কয় যে তেওঁলােকে গৃহত্যাগ কৰাৰ পূর্বে তেওঁৰ অভিভাৱকে ইকবালক এখন দলিলত স্বাক্ষৰ কৰাই ভাবুকি দিছিল যে তেওঁৰ যি তাৰ বাবে ইকবালেই দায়বদ্ধ হ’ব। তেওঁলােক উভতি আহিলে ভয়ানক কাণ্ড ঘটিব বুলি অভিভাৱকে ভাবুকি দিয়া বুলিও স্মৃতিয়ে সদৰী কৰে।
সম্প্রতি তেওঁলােকে ফেব্ৰুৱাৰীৰ নির্দিষ্ট তাৰিখত বিবাহ সম্পন্ন কৰাৰ অপেক্ষাত আছে। উল্লেখ্য যে ইকবাল-স্মৃতিৰ দৰে আন বহুতাে ভিন্ন ধর্মীৰ প্ৰণয় যুগল সম্প্রতি উত্তৰ প্ৰদেশত ভাবুকিৰ সন্মুখীন হৈছে। যাৰ বাবে বহুতেই তেওঁলােকৰ দৰে আন ৰাজ্যলৈ গৈ বিবাহ কৰা খুজিছে। এইসকল প্রেমাস্পদে কয় যে ‘লাভ জেহাদ’ক কেন্দ্ৰ কৰি কঠোৰ হিন্দুত্ববাদী সংগঠনসমূহে দীর্ঘদিনৰ পৰাই উত্তৰ প্ৰদেশত তাণ্ডৱ চলােৱাৰ অভিযােগ আছে। ফলত এটা আতংকৰ পৰিৱেশ আগৰে পৰাই আছিল। এতিয়া যােগ হৈছে নতুন আইনৰ নামত আৰক্ষীৰ হাৰাশাস্তি।
লগতে পাৰিবাৰিক চাপ আছেই। এইবােৰ কাৰণতে কিছু সংখ্যকে নিজ ৰাজ্য ত্যাগ কৰাৰ বাবে সাজু হােৱাৰ বিপৰীতে আন কিছু সংখ্যকে নিজৰ সুৰক্ষা বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে। চাৰি বছৰৰ পূর্বে উত্তৰ প্ৰদেশৰ এখন সৰু চহৰৰ কলেজত প্ৰেমৰ সম্পর্ক স্থাপন হৈছিল মহম্মদ শ্বাদাব (২৪) আৰু অনামিকা (২৩)ৰ। তেতিয়াৰ পৰাই হিন্দুত্ববাদী সংগঠনে শ্বাদাবক ভাবুকি দিবলৈ আৰম্ভ কৰে যদিও তেওঁলােকে পলায়ন কৰা নাছিল। শ্বাদাবে কয় যে কঠোৰ সংগঠনসমূহে তেওঁৰ পিতৃ-মাতৃক আক্রমণ…