ঘৰে ঘৰে আমি আৰু ঘৰে ঘৰে উপাৰ্জনঃ লুৰীণজ্যোতি গগৈ

eastmojo 2020 12 42daa482 8c0f 49f3 99ad dce5067fa0ab Tiwa Autonomous Council Election 2020 5

অসম গণ পৰিষদৰ দায়িত্ব গ্ৰহণ আৰু দলটোৰ পূৰ্ণাংগ গঠনৰ পাছত আনুষ্ঠানিকভাৱে সংবাদ মেল আয়োজন কৰে এজিপিৰ নৱ নিৰ্বাচিত সভাপতি লুৰীণজ্যোতি গগৈয়ে । এই নিৰ্বাচনী প্ৰচাৰৰ শ্ল’গান আছিল ‘ঘৰে ঘৰে আমি আৰু ঘৰে ঘৰে উপাৰ্জন’ ।

সভাখনত লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি কয়, ‘২০২১ত যদি অসম গণ পৰিষদ ক্ষমতালৈ আহে ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব পাঁচ হেজাৰ টকাৰ আৰ্থিক সাহায্য আৰু কাৰিকৰীভাৱে সক্ষম যুৱক-যুৱতীক ১০ হেজাৰ টকাৰ ধনৰাশি দিয়া হ’ব ।’

এজিপি সভাপতি গগৈক কটাক্ষ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ‘প্ৰথমে চৰকাৰ গঠন কৰক প্ৰতিশ্ৰুতি সকলোৱে দিব পাৰে । মইয়ো দাড়া সিঙক হৰুৱাব পাৰো ।’

সভাপতি গগৈয়ে লগতে কয়, ‘আজমলৰ মুখ দেখুৱাই বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে ।’

এই সন্দৰ্ভত কটাক্ষ কৰি মন্ত্ৰী ড° শৰ্মাই কয়, ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমণৰ সময়ত হাঁড় কঁপোৱা শীতকো নেওচি নিশা ১২বজাত অসমৰ ৰাইজে যি ধৰণে আদৰণি জনালে সেই আদৰণিয়ে প্ৰমাণ কৰিলে অসমৰ ৰাইজে প্ৰকৃতাৰ্থত কি বিচাৰে ।’

Exit mobile version