বাগ্ছাৰ ডুবাগাঁৱৰ চিআৰপিএফ জোৱানৰ ৰহস্যজনক মৃত্যু

WhatsApp Image 2020 12 28 at 6.22.24 PM

ঝাৰখণ্ডৰ ৰাঁচীত কৰ্তব্যৰত অৱস্থাতে ৰহস্যজনকভাৱে মৃত্যু হয় বাগ্ছাৰ শালবাৰীৰ ডুবাগাঁৱৰ এজন চিআৰপিএফ জোৱানৰ ৷ ৰাঁচীত কৰ্মৰত চিআৰপিএফৰ ১৩৩ নং বেটেলিয়নৰ জোৱানজনৰ নাম প্ৰবীন মুছাহাৰী ৷ পিতৃ প্ৰয়াত গিৰীশ মুছাহাৰী আৰু মাতৃ শমনি মুছাহাৰী ।

সেনাজনে যোৱা ১০ অক্টোবৰত শেষবাৰৰ বাবে ঘৰৰ পৰা কৰ্মস্থলীলৈ গৈছিল আৰু যোৱা ২৬ ডিচেম্বৰত মৃত্যুক সাৱটি লয় জোৱানজনে ৷ বিভাগীয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক ফোনযোগে জোৱানজনে নিজৰ ছাৰ্ভিচ ৰাইফলেৰে কৰ্তব্যৰত অৱস্থাত থাকোতেই গুলীয়াই আত্মহত্যা কৰে বুলি জনাই যদিও পৰিয়ালৰ লোকে মানি ল’ব খোজা নাই এয়া আত্মহত্যাৰ ঘটনা বুলি৷

আজি দিনৰ ভাগত শালবাৰীৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত ডুবাগাঁও (বিলৰপাৰ)ৰ বাসগৃহলৈ অনা হয় চিআৰপিএফ জোৱান প্ৰবীন মুছাহাৰীৰ মৃতদেহ ৷ মৃতদেহ বাসগৃহ আহি পোৱাৰ লগে লগে অশ্ৰুশিক্ত নয়নেৰে পৰিয়ালৰ লগতে আত্মীয় স্বজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ জোৱানজনৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

উল্লেখ্য যে ৪২০ নং বাটাবাৰী প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা, গোলাগাঁও হিমাচল হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ তথা চাপাগুৰি-ককলাবাৰী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰবীন মুছাহাৰীয়ে বিগত ২০১৩ ত যোগদান কৰিছিল চিআৰপিএফত ৷

Exit mobile version