মংগলবাৰৰ বৈঠকত কৃষি আইন সমাধানৰ বাবে আশাবাদী কেন্দ্ৰ

2020 12largeimg 2090372721

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত কৃষকসকলৰ প্ৰতিবাদৰ মংগলবাৰ‌ বৈঠকত সমাধানসূত্ৰ পোৱা যাব বুলি আশাবাদী মোদী চৰকাৰৰ একাংশ‌ । যদিও আইন প্ৰত্যাহাৰসহ নিজৰ দাবীত অটল কৃষকসকল ।‌কৃষি প্ৰতিমন্ত্ৰী কৈলাশ চৌধুৰীয়ে দাবী জনায় যে, ২৯ ডিচেম্বৰৰ বৈঠকত বিবাদৰ নিষ্পত্তি হ’ব । কাৰণ কৃষকসকলৰ পৰিপ্ৰেক্ষিততে আলোচনা হ’ব । যিয়ে ইয়াক লৈ ৰাজনীতি কৰিছে তেওঁলোকৰ দৃষ্টিভংগীত নহয় ।

শনিবাৰে কৃষক সংগঠনবোৰে কেন্দ্ৰক জনায় যে, মাংগলবাৰে আলোচনাত মিলিত হ’বৰ বাবে তেওঁলোক প্ৰস্তুত । কৃষকসকলেই আলোচনাসূচীও নিৰ্ধাৰণ কৰি দিছিল । তেওঁলোকৰ দাবী চাৰিটা বিষয়তে আলোচনা হ’ব লাগিব । তিনি কৃষি আইনৰ প্ৰত্যাহাৰ, শস্যৰ এম এছ পি আইনৰ প্ৰত্যাভূতি, নড়া জ্বলোৱা অপৰাধত শাস্তি প্ৰদানৰ আইনৰ সংশোধন আৰু প্ৰস্তাৱিত বিদ্যুৎ আইন সংশোধনী বিল প্ৰত্যাহাৰ ।

কিন্তু মন্ত্ৰণালয়ে এই বিষয়ে কৃষক সংগঠনবোৰক কোনো মত প্ৰকাশ কৰা নাই । দেওবাৰে পুনৰ কৃষি আইনৰ পক্ষত প্ৰশ্ন উত্থাপন কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘আইন কাৰ্যকৰী লাভ পোৱা যাব নে নাই সেয়া অন্ততঃ দুবছৰ পৰ্যৱেক্ষণ কৰক । কৃষকসকলৰ চুক্তিৰ ফলত কোনেও কৃষকসকলৰ ভূমি কাঢ়ি নিব নোৱাৰে ।’ বিজেপি সভাপতি জে পি নড্ডাই ৰাহুল গান্ধীয়ে ২০১৫ ত লোকসভাত দিয়া বক্তৃতাত প্ৰশ্ন‌ উত্থাপন কৰি কয়, ‘ৰাহুলজি এইটো কেনেকুৱা যাদু ? পূৰ্বতে যাৰ উকালতি কৰিছিলে এতিয়া তাৰেই বিৰোধিতা কৰিছে !’ৰিলায়েন্সক শস্যৰ প্ৰত্যক্ষ বিক্ৰীৰ বাবে ৰিলায়েন্সৰ মুৰব্বী মুকেশ অম্বানীৰ স’তে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিংৰ ভিডিঅ’ও ভাইৰেল কৰিছে বিজেপিয়ে ।

কংগ্ৰেছ‌ নেতা ৰণদ্বিপ সুৰজোৱালাই কটাক্ষ কৰি কয়, ‘নড্ডাজিয়ে জনা উচিত আলুৰ এম এছ পি নাথাকে ।’বিৰোধী দলবোৰে দাবী কৰিছে চৰকাৰে ৰাজনীতি নকৰি প্ৰৱল শীতত পথত থকা কৃষকসকলৰ স’তে আলোচনা কৰি আন্দোলনৰ নিষ্পত্তি কৰাৰ চেষ্টা কৰা উচিত । বৰ্তমান দিল্লীত শীতপ্ৰবাহ হ’বলৈ আৰম্ভ কৰিছে ফলত দেওবাৰে সন্ধিয়া সামান্য বৃষ্টিপাতো হৈছিল ।

Exit mobile version