বহু ৰোগৰ ঔষধি ৰূপে ব্যবহৃত হোৱা বেলৰ কেইটিমান উপকাৰিতা আজি জানি থঁও আহকচোন……..

13299238435 56edec155e b1 1

মানুহৰ দৈনন্দিন জীৱনত বেলগছৰ গুৰুত্ব বহু বেছি

ইয়াৰ প্ৰত্যেকটো অংগই, মূল,ফুল,ডাল,চাল,বীজ, ফল আমাৰ বাবে অতি মূল্যৱান।পূজা অৰ্চনাত ইয়াক ব্যৱহাৰ কৰা হয় । বেলত কাৰ্ব’হাইড্ৰেট,প্ৰ’টিন, ভিটামিন-এ, ভিটামিন-বি ৰ ভিতৰত ৰাইব’ফ্লেভিন, থিয়ামাইন, ভিটামিন-চি, কেলছিয়াম,ফচফৰাছ,আইৰণ, শক্তি (কেলৰি) আৰু যথেষ্ট পৰিমাণে পানী আদি পোৱা যায়। বেলৰ পাত, শিপা আৰু ফলত উপকাৰী ৰাসায়নিক উপাদান থাকে।বেলত ৮৪ শতাংশ পানী থাকে বাবে বেল ফল খালে সহজতে তৃষ্ণা নিবাৰণ হয়। বেল ফলত ভিটামিন বি, বি-৬ আৰু ভিটামিন ই যথেষ্ট পৰিমাণে পোৱা যায়। বেলত থকা ফচফৰাচ, কেলচিয়াম আৰু লৌহ পদাৰ্থই মস্তিস্ক আৰু স্নায়ুক যথেষ্ট শক্তি প্ৰদান কৰে।

ADVERTISEMENT

বহু ৰোগৰ ঔষধি ৰূপে ব্যবহৃত হোৱা বেলৰ কেইটিমান উপকাৰিতা আজি জানি থঁও আহকচোন…

●গৰমৰ দিনবোৰত বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি ৷ ই শৰীৰ শীতল কৰে।

● গাৰ বেয়া গোন্ধ বিশেষকৈ গৰমত ঘামজনিত কাৰণত গা গোন্ধালে বেলৰপাত পিচি ৰস উলিয়াই পানীত মিহলাই গাধূৱাৰ আগত শৰীৰত লগাই কিছু সময় ৰাখি স্নান কৰিলে গাৰ বেয়া দুৰ্গন্ধ নোহোৱা হয়।

● বেলৰ পাত গৰুৰ ঘিউঁত ভাজি গুড়ি কৰি ইয়াৰ সামান্য পৰিমাণে এক চাহ চামুচ মৌজোলৰ লগত সেৱন কৰিলে কাঁহ ৰ পৰা পৰিত্ৰাণ পাব পাৰি।

●পকা বেলৰ শাহ গৰম পানীত মিহলাই খালে কিডনী পৰিস্কাৰ হোৱাৰ লগতে বিভিন্ন ইনফেকশ্বন্ দূৰ হয় বিশেষকৈ কিডনিৰ পাথৰ এই মিশ্ৰণে প্ৰস্ৰাৱৰ লগত বাহিৰ কৰে আৰু প্ৰস্ৰাৱৰ জ্বলন পুৰণিও বহু ৰোধ কৰে।

●পকা বেলৰ শাহ হৃদৰোগীৰ বাবে পৰম ঔষধি।

●পকা বেলে মানুহৰ অজীৰ্ণ, কোষ্ঠকাঠিন্য,ভাইৰেল জনিত বিভিন্ন ৰোগ,অৰ্শৰোগ ইত্যাদি দূৰ কৰে।

● বেলৰ পাত আৰু জালুক একেলগে মিহলাই মিহিকৈ বটি মটৰ মাহৰ সমান সৰু সৰু বড়ি বনাই দিনে চাৰিটাকৈ খালে মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা হ্ৰাস পায়।

● বমি হৈ থাকিলে বেল ফলৰ শাহ পানীত উতলাই , চেকি লৈ ৰোগীক খুৱালে বমি বন্ধ হয়।

●বেলৰ কোমল পাতৰ ৰস উলিয়াই তাত জালুকৰ গুৰি আৰু সৈন্ধৱ লৱণ মিহলাই খুৱালে অজীৰ্ণ ৰোগ নষ্ট হয়।

●জুই বা গৰম বস্তুৱে পুৰিলে বেলৰ পাতৰ ৰস ঘনাই লগালে পোৰণিৰ তীব্ৰতা হ্ৰাস পায়।

●বেলৰ পাতৰ ৰস,সম পৰিমাণৰ নেমুৰ ৰস আৰু মিচিৰি মিহলাই খালে ডায়েৰিয়া ৰোগ নিয়ন্ত্ৰণ হয়।

●বেলৰ শাহ, চাউল ধোৱা পানীৰ লগত বটি খুৱালে গৰ্ভাৱস্থাত হোৱা বমি বন্ধ হয়।

●বেল গছৰ শিপা খহতা শিলত ঘঁহি তাৰ গুৰিৱে কপালত প্ৰলেপ দিলে মূৰৰ কামোৰণি ভাল হয়।

●প্ৰতিদিনে এটাকৈ বেল ফল খালে পাচন তন্ত্ৰ শক্তিশালী হয় আৰু ভোক বৃদ্ধি পায়।

● বেল ফলত থকা আঁহৰ বাবে পেট পৰিষ্কাৰ হয়।

●বেলৰ পাত পিহি কপালত ভৰণ দিলে সন্নিপাত জ্বৰত প্ৰলাপ বকা ৰোগীবোৰ জ্বৰ কমে।

●হৃদশূল বা এঞ্জাইনা বিষ হ’লে বেল পাতৰ ৰস খাব লাগে। বেল পাত পিহি ৭-৮ গ্ৰাম ৰস উলিয়াই গৰুৰ ঘিউ মিহলাই পুৱা-গধূলি খালে এঞ্জাইনা বিষ নিৰাময় হয়।

●প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে বেল পাতৰ লগত জিৰা আৰু মিচিৰি মিহলাই পিহি খুৱালে দুদিনৰ ভিতৰতে আৰোগ্য হয়।

●জণ্ডিচ ৰোগত বেল পাতৰ ৰসৰ লগত জালুক মিহলাই গুৰি কৰি কিছুদিন খুৱালে ৰোগ আৰোগ্য হয়। অৰ্শ ৰোগৰ বাবেও এই মিশ্ৰণ উপকাৰী।

●বেলৰ শিপা পানীৰ লগত পিহি গুৰি কৰি সৰ্পদংশন হোৱা অংশত লগালে বিষ নাইকিয়া হয়।

●বেলৰ শাহৰ লগত গাখীৰ মিহলাই খালে দাঁতৰ পৰা তেজ পৰা বন্ধ হয়।

Exit mobile version