মাত্র ১৪ বছৰ বয়সতে বেংক স্থাপন কৰি নিদর্শন গঢ়িলে পেৰুৰ এডলফোৱে

e672bded 3007 4970 bb56 e96c5704fa83

১৪ বছৰ বয়সীয়া কিশােৰ এটিৰ ওচৰত ধনৰ অর্থ কি হ’ব পাৰে। এনে বয়সৰ এটি কিশােৰক যদি বেংক একাউন্ট অথবা জমা ধনৰ বিষয়ে প্রশ্ন কৰা হয় তেন্তে উত্তৰটো নিশ্চিতভাৱেই গণ্ডগােলীয়া হােৱাটো নিশ্চিত। এনে কিশােৰসকলৰ একমাত্র চিন্তা হল ‘পকেট মানিক লৈ। পিতৃ-মাতৃৰ পৰা লাভ কৰা ধনেৰে কৈশােৰ জীৱনৰ সােৱাদ লােৱাটোৱেই এনে কিশােৰসকলৰ একমাত্র উদ্দেশ্য; কিন্তু সকলােকে আচৰিত কৰি এনে বয়সৰ এটি কিশােৰেই এটানবেংক আৰম্ভ কৰি সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

এই বেংকটোৰ ধনৰ এতিয়া ডেবিট কার্ডযােগে লেনদেনাে আৰম্ভ হৈছে। বিশ্বৰ সবাতােকৈ কম বয়সৰ এইজন বেংকাৰৰ নাম হৈছে হােছে এডলফো কুইচ’কালা কণ্ডোৰি। দক্ষিণ আমেৰিকাৰ পেৰুৰ এইজন কিশােৰে মাত্র সাত বছৰ বয়সতে প্রথমে এটি ‘ চিলড্রেনছ চেভিংছ’ বেংকৰ আৰম্ভ কৰে। প্রথম অৱস্থাত সহপাঠীবিলাকেই আছিল গ্রাহক। সম্প্রতি কিশােৰজনৰ বেংকৰ গ্ৰাহকৰ সংখ্যা দুহেজাৰৰাে অধিক। বেংকত আছে আঠজন কর্মচাৰী। এই কর্মচাৰীসকলৰ বয়স এডলফোতকৈ অধিক। বেংকটোৰ নাম ‘বার্টচেলানা ষ্টুডেন্টছ’।

সহপাঠীসকলে পকেট মানি অবাবত খৰচ কৰা দেখিয়ে এডলফো অসন্তুষ্ট হৈ পৰিছিল। পকেট মানি অবাবত ব্যয় কৰাৰ পাছত সহপাঠীসকলে কিতাপ-বহী ক্ৰয় কৰাতাে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এনে কাৰণতে এডলফোৰ মূৰত বিভিন্ন চিন্তাই বাহ লয়। এনে সময়তে বেংক আৰম্ভ কৰাৰ অভিনৱ চিন্তা মনলৈ আহে এডলফোৰ। সবাতােকৈ ডাঙৰ কথা হ’ল এডলফোৰ বেংকত গ্রাহকসকলে একাউণ্টত ধন জমা কৰিব নালাগে।

পৰিৱর্তে গ্রাহকসকলে বেংকত পৰিত্যক্ত প্লাষ্টিকহে জমা ৰাখিব লাগে। গ্রাহকে যিমান অধিক প্লাষ্টিক জমা দিব পাৰে একাউণ্টত সিমানে ধন জমা হৈ গৈ থাকে। সেই সঞ্চিত ধন ডেবিট কার্ডযােগে গ্রাহকে লেনদেন কৰিব পাৰে। প্রথমে শ্ৰেণীকোঠাৰ পৰাই বেংকৰ কাম আৰম্ভ কৰে এডলফোৱে। বেংক আৰম্ভ কৰাৰ পাছত ডেবিট কার্ড ছপা কৰি প্রথমে সহপাঠীসকলক দিয়ে। বিষয়টোৱে ইমানেই অধিক কৌতূহলৰ সৃষ্টি কৰে যে স্কুলৰ বাহিৰৰ বহুতেই একাউন্ট খুলি গ্রাহক হয়।

ইয়াৰ দ্বাৰা দুটা উদ্দেশ্য পূর্ণ হ’ল। প্ৰথমতে কম বয়সীয়াসকলেও ধন আর্জন কৰিবলৈ সক্ষম হ’ল তথা দেশখনৰ বাট-পথৰ পৰা লাহে লাহে প্লাষ্টিকৰ আৱৰ্জনা ক্রমে নােহােৱা হ’বলৈ ধৰে। এনে অভিনৱ কাৰ্যৰ বাবে এডলফোৱে ২০১৮ত আন্তর্জাতিক জলবায়ু পুৰস্কাৰ লাভ কৰে। ইমান কম বয়সতে বিশ্বক সেউজ কৰি ৰখাৰ পৰিকল্পনা ৰূপায়ণ কৰিবলৈ সক্ষম হােৱা বাবে এডলফো আজি সকলােৰে প্রশংসাৰ পাত্র।

Exit mobile version