নতুন ষ্ট্ৰেনৰ মাজতে অক্সফ’ৰ্ডৰ ভেকচিন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিলে ব্ৰিটেইনে

GettyImages 1229653876

কৰ’নাৰ নতুন ষ্ট্ৰেন ব্যাপক হাৰত বৃদ্ধি পাইছে ব্ৰিটেইনত । বিশ্বৰ প্ৰথম দেশ হিচাপে অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ কৰ’না ভেকচিন ব্যৱহাৰৰ অনুমতি দিলে বৰিছ জনছনৰ প্ৰশাসনে । এই ভেকচিন নতুন ভাইৰাছৰ ওপৰত কাৰ্যকৰী হ’ব নে নাই তাৰ পৰীক্ষণ হোৱা নাই । ফলত ভেকচিন প্ৰদান কৰাৰ পাছতো উদ্বেগৰ অন্ত পৰা নাই ।

ব্ৰিটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু অষ্ট্ৰাজেনেকাৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা হৈছে ক’ভিড ভেকচিন । এই ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ তৃতীয় পৰ্যায়ো সম্পূৰ্ণ হৈছে । পৰীক্ষণৰ পাছত তথ্য চৰকাৰক জমা দিছিল অষ্ট্ৰাজেনেকাই । সেই তথ্যসমূহ বিশ্লেষণ কৰাৰ পাছত জনসাধাৰণৰ ওপৰত প্ৰয়োগৰ অনুমোদন দিয়ে ব্ৰিটিছ চৰকাৰে ।

ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনায়, ‘মেডিচিনছ এণ্ড হেল্থকেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰী এজেঞ্চি (এম এইচ আৰ এ)এ অক্সফ’ৰ্ডৰ ভেকচিনৰ মানৱ দেহত প্ৰয়োগৰ অনুমোদন বিচাৰিছিল । সেয়েহে চৰকাৰে ভেকচিনটোৰ বাবে অনুমোদন দিয়ে ।’

ব্ৰিটেইন চৰকাৰৰ এই সিদ্ধান্তক অভিনন্দন জনায় অক্সফ’ৰ্ডৰ বিজ্ঞানী আৰু অষ্ট্ৰাজেনেকাৰ বিষয়াসকলে । অষ্ট্ৰাজেনেকাৰ কতৃপক্ষই জনায় যে, কৰ’নাৰ নতুন ষ্ট্ৰেনৰ প্ৰভাৱ আৰু অন্যান্য বৈশিষ্ট্যক লৈ গৱেষণা আৰম্ভ কৰিছে তেওঁলোকে । লগতে কয় যে, তেওঁলোকে প্ৰস্তুত কৰা ভেকচিন নতুন ষ্ট্ৰেনৰ ওপৰত কাৰ্যকৰী হ’ব ।

Exit mobile version