ক’ভিডসৃষ্ট স্থবিৰতা ভঙাৰ চেষ্টা গ্রন্থমেলাত

775461 book fair 03

ক’ভিডে অনা স্থবিৰতা ভংগ কৰি পুনৰ স্বাভাৱিক হােৱাৰ দিশে অগ্ৰসৰ হৈছে অসম। ক’ভিডৰ বাবেই এইবাৰ দুর্ভাগ্যজনকভাৱে অনুষ্ঠিত নহ’ল উত্তৰ-পূব গ্রন্থমেলা। অথচ শীতৰ এই সময়ছােৱা ৰাজ্যৰ গ্রন্থ আন্দোলনৰ বিশেষ সময় বুলি এক পৰিচয় গঢ়ি উঠিছে। অৱশ্যে পূর্বৰ সময় অনুসৰি এইবাৰাে অনুষ্ঠিত হৈছে গুৱাহাটী গ্রন্থমেলা।

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়ােজিত ৩৩ সংখ্যক কিতাপৰ এই মেলাৰ জৰিয়তে ক’ভিডে সৃষ্টি কৰা স্থবিৰতাক ৰাইজে শিথিল কৰাৰ প্ৰয়াস কৰিছে মহানগৰীৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত। গতিকে দুপৰীয়াৰ পৰা মেলাস্থলীত গ্রন্থপ্রেমীৰ ভিৰ বাঢ়িবলৈ ধৰে। সন্ধিয়াৰ পৰিৱেশ হৈ পৰে উদুলি-মুদুলি।

মুকলি পৰিৱেশত পুহৰ ঠেৰেঙা লগা জাৰৰ মাজত কিতাপৰ ফুৰফুৰীয়া সুগন্ধি বিচাৰি বিপণীবােৰত সকলাে বয়সৰ লােকৰ ভিৰ বাঢ়ে। বনলতা, আখৰ, আৰ জি আদি প্রতিষ্ঠানে জনায় যে ক’ভিডৰ প্ৰভাৱ ৰাজ্যৰ প্ৰকাশন উদ্যোগত পৰিছে অভাৱনীয়ভাৱে। ফলত সামগ্রিকভাৱে এইবাৰ নতুন গ্ৰন্থৰ সংখ্যা পূর্বৰ তুলনাত যথেষ্ট কম।

তদুপৰি গ্রন্থমেলা অনুষ্ঠিত হ’ব নে নহয় তাক লৈয়াে অনিশ্চয়তা অব্যাহত আছিল। অৱশ্যে ব্যক্তিগত পর্যায়ত কিছু গ্রন্থ এইবাৰাে প্রকাশ পাইছে। অসম প্ৰকাশন পৰিষদেও কেবাখনাে গ্রন্থ প্রকাশ কৰি উলিয়াইছে। তাৰ ভিতৰত অন্যতম হ’ল প্রয়াত কবি হীৰেন ভট্টাচার্যৰ ৰচনাবলী।শুকুৰবাৰে অসমৰ বাহিৰৰ প্রতিষ্ঠানবােৰৰ বিপণীতাে আশাব্যঞ্জক পৰিমাণৰ গ্ৰন্থ বিক্রী হয়। এনে প্রতিষ্ঠানবােৰৰ বেছিভাগ গ্রন্থই শিক্ষামূলক।

ইপিনে,শুকুৰবাৰ দিনটোতে কেবাখনাে নতুন গ্রন্থ গ্রন্থমেলাস্থলৰ প্ৰকাশন পৰিষদৰ অস্থায়ী কার্যালয়ৰসভাগৃহত উন্মােচন কৰা হয়। তদুপৰি সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অনুবাদৰ ভূমিকা শীর্ষক এখন আলােচনাচক্রও অনুষ্ঠিত হয়। সুৰেন তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত আলােচনাত ডাঃ ছাইদুল ইছলাম, বিপুল দেউৰী, ডাঃ কৈলাস ভট্টাচার্য আদি বিশিষ্ট অনুবাদকে বিষয়বস্তুৰ ওপৰত বক্তব্য দাঙি ধৰে।

Exit mobile version