বছৰৰ শেষ সন্ধিয়াত জমট’ৱে প্রতিমিনিটত ৪১০০টাকৈ খাদ্যৰ অর্ডাৰ লাভ কৰিলে

Gold

খাদ্যৰ অর্ডাৰ লাভ কৰাৰ ক্ষেত্ৰত বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হ’ল জম’টই। নৱবৰ্ষৰ পূর্ব সন্ধিয়াটোত জম’টই নতুন দিল্লীত প্রতি মিনিটত ৪১০০ পর্যন্ত অর্ডাৰ লাভ কৰিবলৈ সক্ষম হৈ নতুন এক শীর্ষত উপনীত হয়। কনা সংক্ৰমণৰ বাবে ৩১ ডিচেম্বৰৰ শেষ নিশাৰ অনুষ্ঠানলৈ প্রশাসনে অনুমতি প্রদান নকৰাত গৃহবন্দী নাগৰিকসকলে বাহিৰৰ খাদ্যৰ দ্বাৰাই নিশাটো উদ্যাপনৰ চেষ্টা কৰে।

জম’ট’ৰ মুখ্য কাৰ্যবাহী বিষয়া দীপেন্দ্র গােৱেলে এই কথা সদৰী কৰি কয় যে ৩১ ডিচেম্বৰৰ সন্ধিয়া ছয় বজাত প্রতি মিনিটত প্রথম অৱস্থাত ২৫০০তকৈ অধিক অর্ডাৰ আহিবলৈ ধৰে। ইয়াৰ পাছত অর্ডাৰৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৩২০০ টাৰাে অধিক। প্রায় ৪৫ মিনিটৰ ভিতৰতে অর্ডাৰৰ সংখ্যা সাতশৰাে অধিকলৈ বৃদ্ধি পােৱা কার্যক গােৱেলে জীৱনত সন্মুখীন নােহােৱা ঘটনা বুলি উল্লেখ কৰে।

জম’ট’ৰ ডেলিভাৰি এপৰ প্ৰযুক্তিত এই সকলাে তথ্য ইতিমধ্যে সংলগ্ন হৈ পৰিছে। নতুন দিল্লীৰ অধিক সংখ্যকে এই অর্ডাৰত মূলতঃ পিজ্জা আৰু বিৰিয়ানি বিচাৰিছিল। অর্ডাৰৰ ক্ষেত্ৰত প্রতিমুহূৰ্তৰ বার্তা টুইট যােগে সদৰী কৰি গৈছিল মুখ্য কার্যবাহী বিষয়াজনে। সেই অনুসৰি শেষ পর্যায়লৈ অৰ্ডাৰৰ সংখ্যাই প্রতি মিনিটত ৪১০০ক স্পর্শ কৰিবলৈ সক্ষম হয়। ইমান সংখ্যক অর্ডাৰ লাভ কৰি যথেষ্ট আশ্চর্যচকিতাে হৈ পৰে গােৱেল।

উল্লেখ্য যে ৩১ ডিচেম্বৰ নিশা নতুন দিল্লীকে ধৰি ভাৰতত বহু কেইখন মহানগৰত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছিল। এনে কাৰণত সন্ধিয়াৰে পৰা খাদ্য আনি ঘৰতে বছৰৰ শেষ নিশাটো উদযাপন কৰিবলৈ সকলাে ব্যস্ত হৈ পৰিছিল। গােৱেলে জনােৱা অনুসৰি গ্রাহকৰ অৰ্ডাৰ সময়মতে যােগান ধৰিবলৈ সর্বতাে প্ৰকাৰে চেষ্টা কৰা হৈছিল। শেষ মিনিটলৈ অৰ্ডাৰ যােগান ধৰাৰ বাবে অপেক্ষা কৰি থকা নাছিল জম’টই। অর্ডাৰ সংখ্যাই প্রতি মিনিটত ৩৫০০ সীমা স্পর্শ কৰাৰ সময়ত যােগান ধৰিবলগীয়া অৰ্ডাৰ লাখৰ ওপৰলৈ গৈছিল গৈ।

সেয়েহে ৰন্ধনশালৰ পৰা মটৰ চাইকেল চালকসকলে সন্ধিয়াটো বিশেষ ব্যস্ততাৰে পাৰ কৰিবলগীয়া হৈছিল। যি ধৰণৰ ব্যস্ততা পূর্বে কেতিয়াও হােৱা নাছিল। বুধবাৰ দিনটোতে জম’ট’ই প্রতি মিনিটত বিৰিয়ানিৰ ২২টাকৈ অৰ্ডাৰ লাভ কৰিছিল। জম’টই যােৱা মে’ত ৪.৫ লাখ পর্যন্ত পিজ্জাৰ অডাৰ লাভ কৰিছিল। যােৱা নৱেম্বৰত পিজ্জাৰ অৰ্ডাৰ ১৭ লাখলৈ বৃদ্ধি পাইছিল।

Exit mobile version