এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি

68a9a581 f233 499a acdd 2a7967a32d55

মুকেশ আম্বানীক পাছ পেলাই এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তিৰ স্থান দখল কৰিলে চীনৰ জহংগ চেনচেনে। চীনৰ সবাতােকৈ ধনাঢ্য ব্যক্তিৰ স্থান দখল কৰি থকা চেনচেনে নিজৰ সম্পত্তিৰ পৰিমাণ ৭০.৯ মার্কিন বিলিয়ন ডলাৰৰ পৰা ৭৭.৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হােৱাৰ পাছতে এই বিশেষ স্থান লাভ কৰে। ইয়াৰ লগে লগে তেওঁ বিশ্বৰ একাদশ ধনাঢ্য ব্যক্তিৰ স্থানতাে অৱতীৰ্ণ হ’বলৈ সক্ষম হয়।

ব্লুমবার্গ বিলিয়নাৰ্ছ ইনডেক্স’ অনুসৰি অতি কম সময়ৰ ভিতৰতে ধন সম্পত্তি আহৰণত চেনচেনে নতুন নিদর্শন স্থাপন কৰিবলৈ সক্ষম হয়। ২০২০ৰ পূর্বে চেনচেন চীনৰ বাহিৰত বিশেষভাৱে পৰিচয় লাভ কৰিবলৈকো সক্ষম হােৱা নাছিল। সম্প্রতি ৬৬ বছৰ বয়সীয়া চেনচেনে অসাধ্য সাধন কৰিবলৈ সক্ষম হােৱা বুলিও বিভিন্ন পর্যায়ত চৰ্চিত হৈছে। ইতিপূর্বে ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তিৰ আসনখন দখল কৰি আছিল।

 

সাংবাদিকতা, কাঠফুলা খেতি, স্বাস্থ্য ৰক্ষা আদিৰে জড়িত হৈ অহা চেনচেনক সম্প্রতি মূলতঃ নংফু’ আৰু ৱানটাই’ আদিৰ দৰে কোম্পানীৰ বাবে বিশ্বই জানিব পাৰিছে। আম্বানীৰ সম্পত্তিৰ পৰিমাণ সম্প্রতি ৭৬.৬ বিলিয়ন মার্কিন ডলাৰ। ফলত এছিয়াৰ ভিতৰত ধনাঢ্য ব্যক্তিৰূপে আম্বানী দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। সম্প্রতি এছিয়াৰ তৃতীয় ধনাঢ্য ব্যক্তিৰূপে কলিন হােৱাংগােৰ সম্পত্তি আছে ৬৩.১ বিলিয়ন মার্কিন ডলাৰ।

চেনচেনে যােৱা এপ্রিলত কৰ’না প্রতিষেধক প্রস্তুতকাৰী কোম্পানী ‘ৱানটাই বায়’লজিকেল ফার্মাচী এণ্টাৰপ্ৰাইজ’ মুকলি কৰে। ইয়াৰ কেইমাহমান পাছত খােৱা পানী বটলৰ কোম্পানী নংফু ম্পিং কো’ক স্থাপনৰে হংকঙত যথেষ্ট লাভ অর্জন কৰিবলৈ সক্ষম হয়। এই সাফল্যৰ পাছত নংফুৰ শ্বেয়াৰৰ মূল্য ১৫৫ শতাংশ পর্যন্ত বৃদ্ধি পায়। ৱানটাইৰ শ্বেয়াৰৰ মূল্য ২০০০ শতাংশ পর্যন্ত বৃদ্ধি পায়। যাৰ দ্বাৰা ইতিহাসত সবাতােকৈ তীব্র গতিত ধন উপার্জন কৰা ব্যক্তি হৈ পৰে চেনচেন।

 

তথ্য অনুসৰি চৰকাৰী তদন্তৰ পৰিসৰ বৃদ্ধি কৰাত চীনৰ শীর্ষ কোম্পানীবিলাকৰ শ্বেয়াৰ বজাৰত সূচকাংক হ্রাস পােৱাৰ প্ৰভাৱত চেনচেনে উপযুক্ত সুযােগ আদায় কৰাত সফল হয়। চীনৰ সর্বাধিক ধনাঢ্য ব্যক্তি জেক মাৰ ইয়াৰ ফলত সম্পত্তিৰ পৰিমাণ ৬১.৭ বিলিয়ন ডলাৰৰ পৰা যােৱা অক্টোবৰত ৫১.২ বিলিয়ন ডলাৰলৈ হ্রাস পায়। ভাগ্যৰ বাবেই নহয় কর্ম প্রচেষ্টাৰ ফলতে চেনচেনে এই সফলতা লাভ কৰে। আম্বানীৰ সম্পত্তিৰ পৰিমাণ অন্ত পৰা বৰ্ষটোত ১৮.৩ বিলিয়ন ডলাৰ বৃদ্ধি পােৱা সত্ত্বেও এছিয়াৰ ধনাঢ্য ব্যক্তিৰ স্থান হেৰুৱাব লগীয়া হয়।

Exit mobile version