নুমলীগড় শোধনাগাৰ লিমিটেডে ৰাজ্য চৰকাৰলৈ প্ৰদান কৰিলে অন্তৰ্ৱৰ্তীকালীন লভ্যাংশৰ পুঁজি

WhatsApp Image 2021 01 03 at 4.55.45 PM

নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই আজি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম অন্তৰ্ৱৰ্তীকালীন লভ্যাংশৰ সৰ্বমুঠ ১২২,৬০,৮৮,১৪৪.০০ টকাৰ এখন চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে । বিত্তীয় বৰ্ষৰ ছেপ্টেম্বৰলৈ এই লভ্যাংশ সৰ্বমুঠ ছমাহৰ ।

উল্লেখ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডত ৰাজ্য চৰকাৰৰ ১২.৩৫ শতাংশ ইকুইটিৰ বিপৰীতে এই লভ্যাংশৰ পুঁজি আগবঢ়োৱা হৈছে । ২০২১ ৰ ৩১ মাৰ্চত চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰাৰ পিছত নুমলীগড় শোধনাগাৰ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত চূড়ান্ত লভ্যাংশৰ পুঁজি নিৰ্ধাৰণ কৰা হ’ব ।

আজিৰ এই লভ্যাংশৰ চেক ৰাজ্য চৰকাৰলৈ প্ৰদানৰ সময়ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

Exit mobile version